ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ-সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ’ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুন্দিছা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰাৰ গুন্দিছা মন্দিৰত সামৰণি পৰে। তিনিওজনা ভগৱানকে ৯ দিনৰ বাবে গুন্দিছা মন্দিৰত ৰখাৰ পাছত একেইকেইখন ৰথতে শ্রীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুড়া যাত্ৰা বুলি কোৱা হয় ৷
পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথ যাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠী সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচী শ্রীশ্রীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্রায় ৩৫০ বছৰ ধৰি এই সত্ৰখনত ৰথযাত্রা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ সাপটগ্ৰামৰ শ্ৰীলীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাসীপাৰাৰ মদনমোহন আখড়াৰাৰীতো বর্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰাৰ হৈছে।
ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথ যাত্ৰা ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হ’ব। আজি বিয়লি ২ বজাত খনিকৰৰ জগন্নাথ মন্দিৰত ৰথ যাত্ৰা আৰম্ভ হ’ব আৰু কাছাৰবাৰীস্থিত আউনীআটি সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এই উৎসৱত অংশ ল’ব।