July 16, 2026 12:46 PM | Piyshu hazarika

printer

অহা ২৫ জুলাইত গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচী

কৃষিমন্ত্রী পীযুষ হাজৰিকাই অহা ২৫ জুলাইত গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত হ’বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল’বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ ল’বলগীয়া এই কাৰ্যসূচীত কমেও ৫ হাজাৰ গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্রকাশ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য চপোৱাৰ পাছত কাম-কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে ৩ শতাংশ সুদ ৰেহাইৰে ২ কোটি টকা পৰ্যন্ত ঋণ ল’ব পাৰিব। ইয়াৰ বাবে এ আই প’ৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব । বেংকে চালি-জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ২৫ জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহ্বান জনায়।

ইপিনে, কাৰ্বি আংলং আৰু ডিমা হাচাওত উদ্যান শস্যৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত অনাগত দিনত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কালি সদনত কৃষি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।