July 16, 2026 12:18 PM | Cricket

printer

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব। খেলখন কার্ডিফৰ ছফিয়া গার্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৫ বজাত আৰম্ভ হ’ব।

ইয়াৰ পূৰ্বে মঙলবাৰে বার্মিংহামৰ এজ্জবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক ৬ উইকেটত পৰাস্ত কৰিছিল।

দেওবাৰে লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল খেলৱো হব।