ডিব্ৰুগড়ৰ জ্যেষ্ঠ চার্টার্ড একাউণ্টেণ্ট জ্যোতিপ্রসাদ কানৈক নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান কৰা হয়। দেশৰ অগ্ৰণী ব্যৱসায়িক ছফ্টৱেৰ প্ৰতিষ্ঠান টেলী ছল্যুচনছ লিমিটেডে প্ৰৱৰ্তন কৰা এই বঁটাটি শ্ৰীকানৈক প্রতিষ্ঠানটোৰ উপাধ্যক্ষ, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ভৰত গোৱেংকাই প্ৰদান কৰে। উল্লেখযোগ্য যে বিত্তীয় আৰু ব্যৱসায়িক সমাজলৈ যুগান্তকাৰী তথা চিৰস্থায়ী অৱদান আগবঢ়োৱা দেশৰ বিশিষ্ট চার্টার্ড একাউণ্টেণ্টক এই বঁটা প্ৰদান কৰি অহা হৈছে।
Assamese | July 16, 2026 12:12 PM | Jyotiprashad kanoi
জ্যোতিপ্রসাদ কানৈক সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান