July 16, 2026 12:29 PM | India-UA

printer

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি, নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু যোগাযোগ পৰিকাঠামোৰ দ্বাৰা গঢ় লৈ উঠা সহযোগিতাৰ শক্তিশালী গতি ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আস্থা প্ৰকাশ কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ মাজত কালি ব্ৰাছেলছত অনুষ্ঠিত তৃতীয়খন বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক স্বাভাৱিক আত্মীয়তা আছে। ভাৰত আৰু ইউৰোপীয় সংঘই সন্মিলিতভাৱে এই আস্থা গঢ়ি তুলিছে আৰু এতিয়া এই আস্থাক ব্যৱসায় আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ লৈ যাবলৈ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত শীঘ্ৰেই “হৰাইজন ইউৰোপ” কাৰ্যসূচীক লৈ আলোচনা আৰম্ভ হ’ব। বৈদ্যুতিক বাহনৰ চার্জিং আন্তঃগাঁথনিৰ মান সন্দৰ্ভত প্ৰথমটো উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰিবলৈ বৈঠকৰ সময়ত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে বুলিও ড° জয়শংকৰে জানিবলৈ দিয়ে।

ইপিনে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক ন্যায্য, সমতাপূৰ্ণ আৰু সুষম বুলি অভিহিত কৰিছে। বৈঠকৰ সময়ত হোৱা আলোচনাসমূহত আলোকপাত কৰি তেওঁ কয় যে দুয়োপক্ষই উদ্ভাৱন-চালিত, বিশ্বাসযোগ্য আৰু ভৱিষ্যতমুখী সহযোগিতাৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে উভয় পক্ষক আলোচনাৰ মেজৰ পৰা ৰূপায়নৰ দিশলৈ আগবঢ়াত সহায় কৰিছে।