July 10, 2026 7:24 PM

views 25

মেলৱৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি মেলৱৰ্ণত দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ এই বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বিষয়টোৰ প্ৰতি দেশখনৰ উভয় দলৰ সমৰ্থন নিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ মাজৰ...

July 10, 2026 7:13 PM

views 28

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে আজি মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন কৰে। এই ভ্রমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কত ক্রীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্রিকেট-ভিত্তিক সহযোগিত, ক্রীড়া আন্তঃগাঁথনি, খেলুৱৈৰ বিকাশ, জ্ঞানৰ আদান-প্রদান, আই পি এল- বি বি এল, অংশীদাৰিত্ব আৰু ২০৩২ চনত হ'বলগীয়া ৱিছবেন অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক ক্রীড়া মহোৎসৱৰ আয়োজনৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱসহ গুৰুত্বপূৰ্ণ...

July 5, 2026 11:07 AM

views 22

অর্থনৈতিক সহযোগী হিচাপে ভাৰতক অস্ট্রেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানিজৰ ভূয়সী প্রশংসা

অস্ট্রেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানিজে গুৰুত্বপূৰ্ণ অর্থনৈতিক সহযোগী হিচাপে ভাৰতক ভূয়সী প্রশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন অস্ট্রেলিয়া ভ্ৰমণৰ পূৰ্বে দেশখনৰ প্ৰধানমন্ত্ৰী কার্যালয়ে এটা বিবৃতি যোগে কয়, যে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ আৰু সবাতোকৈ দ্রুত বিকাশশীল অর্থব্যৱস্থা ভাৰত অস্ট্রেলিয়াৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক অংশীদাৰ।  শ্ৰীএলবানিজে কয়, যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কৌশলগত সহযোগিতাৰ দ্বাৰা পৰিচালিত আৰু অর্থনৈতিক তথা সাংস্কৃতিক যোগাযোগ এই সম্পৰ্কৰ মূল ভেঁটি স্বৰূপ। তেওঁ কয়, যে বাণিজ্য...

July 4, 2026 11:02 AM

views 29

এদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী আজি ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰাজস্থান ভ্ৰমণ কৰিব আৰু তাত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় ৪৮০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি ২০ লাখ যাত্ৰী উপকৃত হ'ব। শ্রীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহন ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণ কালতে তেওঁ ৰাজ্যখনৰ বালোট্টাত প্ৰায় ১ লাখ ছহেজাৰ কোটি টকাৰ বিভিন্...

July 3, 2026 10:56 AM

views 30

সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা নৰেন্দ্ৰ মোদী আৰু ছনাএয়ে টাকাইচিয়ৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী ছনাএয়ে টাকাইচিয়ে পাকিস্তানে সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱাবছৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক গৰিহণা দিয়ে। তেওঁলোকে লগতে যোৱা ১০ নৱেম্বৰত সংঘটিত দিল্লীৰ সন্ত্ৰাসবাদী ঘটনাকো নিন্দা কৰে । প্ৰধানমন্ত্রীদ্বয়ে সুচল আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাস...

June 26, 2026 8:18 PM

views 27

নিচামুক্ত ভাৰত অভিযানে সমগ্র দেশতে গণ আন্দোলনৰ ৰূপ লৈছে : প্রধানমন্ত্রী

দেশৰ জনসাধাৰণৰ অংশগ্রহণেৰে নিচামুক্ত ভাৰত অভিযানে সমগ্র দেশতে এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রকাশ কৰিছে। সামাজিক ন্যায় আৰু সৱলীকৰণৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণৰ গুৰুত্ব সম্পর্কে লিখা লেখনি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। সামাজিক মাধ্যমযোগে প্রকাশ কৰা এই বার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সকলো জনসাধাৰণক ড্ৰাগছমুক্ত ভাৰত আৰু বিকশিত ভাৰত নির্মাণত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। লেখনিটোত শ্রীবার্মাই উল্লেখ কৰে যে যুৱ প্ৰজ...

June 21, 2026 11:47 AM

views 29

যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰং মানবীয় উদ্যমৰো অভিব্যক্তিঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

দেশ-বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্রী মোদীয়ে কয়, যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অর্থাৎ ২১ জুন সর্ববৃহৎ সামুহিক উদযাপনৰ দিন হৈ পৰিছে। তেওঁ কয়, যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰং মানবীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয়, যে ৪০ বছৰ বয়সত ২০ বছৰৰ দৰে নমনীয় আৰু ৫০ বছৰত ৩০ বছৰ বয়সতকৈও অধিক প্রাণবন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচ...

June 21, 2026 10:47 AM

views 28

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আই এন এছ দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন থলুৱাভাৱে নির্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাবে অন্তর্ভুক্ত কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত আই এন এছ দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন থলুৱাভাৱে নির্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাবে অন্তর্ভুক্ত কৰিব। গার্ডেন বিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰছ নামৰ প্রতিষ্ঠানটোৱে নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰ'ই আৰ্হি প্ৰস্তুত কৰা জাহাজকেইখন নিৰ্মাণ কৰি উলিয়াইছে। জাহাজকেইখনৰ অন্তর্ভুক্তিৰ ফলত নৌসেনা বাহিনীত যুদ্ধ অভিযান, জল নিৰীক্ষণ আৰু ছাবমেৰিন বিধবংসী অভিযানৰ সামৰ্থ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আই এন এছ দুনাগিৰি নাম জাহাজখন ব্রহ্মোছ ক্ষেপণাস্ত্ৰ আৰু ...

June 15, 2026 2:15 PM

views 31

দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছেঃ প্ৰধানমন্ত্ৰী

দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু এন ডি এ চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে বিগত দশকটোত প্ৰশাসনৰ কাম-কাজ সাধাৰণ লোকৰ জীৱনৰ মান উন্নত কৰাৰ দিশত কেন্দ্ৰীভূত হৈছে। তেওঁ কয়, যে কয় যে চৰকাৰে জনসাধাৰণক সহজে সুযোগ-সুবিধা প্ৰদান কৰাৰ লগতে উন্নত আন্তঃগাঁথনি, সুলভ জনসেৱা, ব্যয়সাধ্য চিকিৎসা সেৱা, গুণগত মানসম্পন্ন শিক্ষা, পৰিচ্ছন্ন মহানগ...

June 13, 2026 7:57 PM

views 27

ব্ৰাটিচলাভাত নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত

ব্ৰাটিচলাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রথম শ্লোভাকিয়া ভ্ৰমণত প্রধানমন্ত্ৰী গৰাকীক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা নৃত্য-গীতৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। শ্লোভাকিয়াৰ ভাৰতৰ ৰাষ্ট্রদূত অপূৰ্ব শ্রীবাস্তৱে কয় যে দেশখনত থকা ভাৰতীয় লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে। দেশখনৰ ৰাজধানী ব্ৰাটিচলাভাৰ বিভিন্ন প্ৰান্তৰ ভাৰত আৰু শ্লোভাকিয়াৰ ৰাষ্ট্ৰীয় পতাকাৰে সজ্জিত কৰি তোলা হৈছে। বিগত ৫ বছৰত দুয়োখন দেশৰ মাজত হোৱা ভ...