প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী ছনাএয়ে টাকাইচিয়ে পাকিস্তানে সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱাবছৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক গৰিহণা দিয়ে। তেওঁলোকে লগতে যোৱা ১০ নৱেম্বৰত সংঘটিত দিল্লীৰ সন্ত্ৰাসবাদী ঘটনাকো নিন্দা কৰে ।
প্ৰধানমন্ত্রীদ্বয়ে সুচল আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমভাৱপূৰ্ণ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও উল্লেখ কৰে।