দেশ-বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়।
এই উপলক্ষে শ্রী মোদীয়ে কয়, যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অর্থাৎ ২১ জুন সর্ববৃহৎ সামুহিক উদযাপনৰ দিন হৈ পৰিছে।
তেওঁ কয়, যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰং মানবীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয়, যে ৪০ বছৰ বয়সত ২০ বছৰৰ দৰে নমনীয় আৰু ৫০ বছৰত ৩০ বছৰ বয়সতকৈও অধিক প্রাণবন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত।
যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে।