June 21, 2026 11:47 AM

views 24

যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰং মানবীয় উদ্যমৰো অভিব্যক্তিঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

দেশ-বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্রী মোদীয়ে কয়, যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অর্থাৎ ২১ জুন সর্ববৃহৎ সামুহিক উদযাপনৰ দিন হৈ পৰিছে। তেওঁ কয়, যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰং মানবীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয়, যে ৪০ বছৰ বয়সত ২০ বছৰৰ দৰে নমনীয় আৰু ৫০ বছৰত ৩০ বছৰ বয়সতকৈও অধিক প্রাণবন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচ...

June 20, 2026 10:36 PM

views 18

কাইলৈ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন

কাইলৈ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উদযাপন কৰা হ'ব। এইবাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বাৰ্ধক্যৰ বাবে যোগ বিষয়বস্তুৰে যোগাসন সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূর্ণ বয়স বৃদ্ধিৰ বাবে আজীৱন অনুশীলন হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।  পশ্চিম বংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ মূল অনুষ্ঠান অনুষ্ঠিত হব য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগসানৰ অনুশীলনত নেতৃত্ব দিব।  পুৱা ৫:০০ বজাৰ পৰা ৰেড ৰোডত হ'বলগীয়া ৰাষ্ট্ৰীয় উদযাপনৰ আৰম্ভণ...

June 21, 2025 8:17 PM

views 57

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠান আয়োজিত

সম্প্ৰতি বিশ্বৰ বিভিন্ন অংশত দেখা দিয়া ক্রমবর্ধমান উৎকণ্ঠা, অস্থিৰতা আৰু অশান্তিৰ দৰে পৰিস্থিতিসমূহৰ মাজত যোগে শান্তিৰ পথ দেখুৱায় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিশাখাপট্টনমত আয়োজিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত নেতৃত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে এইবেলি ২১ জুনৰ দিনটোত সমগ্ৰ বিশ্ববাসী একাদশবাৰলৈ যোগাভ্যাসৰ বাবে ঐক্যবদ্ধ হৈছে। এই কাৰ্যই সমগ্ৰ বিশ্বৰ জনসাধাৰণ সুন্দৰভাৱে একেদল হোৱাটোক সূচাইছে বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে মানৱ সমাজক শ্বাস গ্রহণ,...

June 21, 2025 6:56 PM

views 40

ৰাজ্যৰ বিভিন্ন স্থানত আজি বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন

এক বিশ্ব এক স্বাস্থ্য মূল মন্ত্ৰৰে আজি ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানতো আজি বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন কৰাৰ বাতৰি আমালৈ আহি আছে। অসম আৰক্ষীৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে যোগ দিৱস উদ্যাপন কৰা হয়। এই কাৰ্যসূচীত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি যোগ অনুশীলনত অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়তো বিবেকানন্দ কেন্দ্ৰৰ...

June 12, 2025 3:19 PM

views 66

সমগ্ৰ দেশতে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব

■ সমগ্ৰ দেশতে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা ৬.৩০ বজাৰ পৰা ৭ বাজি ৪০ মিনিটলৈ ১ লাখৰো অধিক যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে – ‘এখন পৃথিৱী, এটা স্বাস্থ্য’। কেন্দ্রীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি নতুন দিল্লীত সাংবাদিকৰ আগত কয়, যে যোগ দিৱসৰ মূল কাৰ্যসূচী অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। লালকিল্লা, কৰ্তব্যপথ আৰু লোধি গার্ডেনকে ধৰি দিল্লীৰ ১১১ টা স্থানত য...

June 21, 2024 12:37 PM

views 71

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দেশবাসীলৈ শুভেচ্ছা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণীৰে হোৱা কথা-বতৰাত কোবিন্দে যোগসাধনাই জাতি-ধর্ম-বর্ণ নির্বিশেষ বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগসূত্ৰ স্থাপন কৰে বুলি মন্তব্য আগবঢ়ায়। যোগে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰে বুলিও প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। যোগ কোনো বিশেষ ধৰ্ম অথবা বিশ্বাসৰ লগত জড়িত নাই বুলিও তেওঁ প্ৰকাশ কৰে।  

June 19, 2024 12:25 PM

views 78

ৰাজ্যজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে– নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিৱিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম। যোগ...

June 16, 2024 1:13 PM

views 61

২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বিভিন্ন কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ বাবে প্রস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নিজৰ আৰু সমাজৰ বাবে যোগ। ইপিনে যোগ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত অহা ২১ জুনৰ পুৱা ৬ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আনহাতে যোগ দিৱসৰ লগত সংগতি ৰাখি কালি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগ...