কাইলৈ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উদযাপন কৰা হ’ব। এইবাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বাৰ্ধক্যৰ বাবে যোগ বিষয়বস্তুৰে যোগাসন সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূর্ণ বয়স বৃদ্ধিৰ বাবে আজীৱন অনুশীলন হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।
পশ্চিম বংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ মূল অনুষ্ঠান অনুষ্ঠিত হব য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগসানৰ অনুশীলনত নেতৃত্ব দিব।
পুৱা ৫:০০ বজাৰ পৰা ৰেড ৰোডত হ’বলগীয়া ৰাষ্ট্ৰীয় উদযাপনৰ আৰম্ভণিতে সভাস্থলীত হাজাৰ হাজাৰ যোগ অনুৰাগীয়ে অংশগ্ৰহণ কৰিব, আনহাতে সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰা লাখ লাখ নাগৰিকে ভার্চুৱেলি যোগদান কৰাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানে স্বাস্থ্য, সম্প্রীতি আৰু সামূহিকভাৱে প্ৰসাৰিত কৰা এক বিশ্বব্যাপী আন্দোলন হিচাপে যোগৰ ক্ৰমবৰ্ধমান ভূমিকাক পুনৰ দৃঢ় কৰিব ৷
ইপিনে, সাংস্কৃতিক মন্ত্ৰালয়ে, ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ঐতিহাসিক স্থান আৰু যোগ পৰম্পৰাক সংযোগ কৰি দেশৰ ১০০টা ঐতিহাসিক স্থানত বিশেষ যোগ উদযাপনৰ আয়োজন কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, ওড়িশাৰ কোনার্ক, কৰ্ণাটকৰ হাম্পী, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাত হায়দাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰকে ধৰি বাৰটা বিশিষ্ট স্থানত এই কার্যসূচী অনুষ্ঠিত হ’ব।
ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সমন্বয়ত বিদেশৰ ২১০ টাতকৈও অধিক ভাৰতীয় দুতাবাসে সমগ্ৰ বিশ্বৰ প্ৰায় ২ হাজাৰ ৫০০ স্থানত যোগ অনুষ্ঠানৰ আয়োজন কৰিব। ইপিনে দিল্লীত শান্তিপথ, যমুনা স্প’ৰ্টছ কমপ্লেক্স, কর্তব্য পথ, নিউ মোটি বাগ, চি পি চেণ্ট্ৰেল পার্ক, টালকতোৰা গার্ডেন আৰু যমুনা স্প’ৰ্টছ কমপ্লেক্সকে ধৰি বিশেষ ৰাজহুৱা স্থানত যোগ উদযাপনৰ আয়োজন কৰা হৈছে।