আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ বাবে প্রস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নিজৰ আৰু সমাজৰ বাবে যোগ। ইপিনে যোগ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত অহা ২১ জুনৰ পুৱা ৬ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আনহাতে যোগ দিৱসৰ লগত সংগতি ৰাখি কালি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা ভিত্তিত যোগাসন প্রতিযোগিতা অনুষ্ঠিত হয়। ইফালে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছন অসম শাখাৰ সহযোগত কালি নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্রেক্ষাগৃহতো জিলা ভিত্তিক যোগাসন প্রতিযোগিতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰি অহা হৈছে।
Assamese | June 16, 2024 1:13 PM | International Yoga day
২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বিভিন্ন কাৰ্যসূচী