দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছেঃ প্ৰধানমন্ত্ৰী

দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু এন ডি এ চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে বিগত দশকটোত প্ৰশাসনৰ কাম-কাজ সাধাৰণ লোকৰ জীৱনৰ মান উন্নত কৰাৰ দিশত কেন্দ্ৰীভূত হৈছে।

তেওঁ কয়, যে কয় যে চৰকাৰে জনসাধাৰণক সহজে সুযোগ-সুবিধা প্ৰদান কৰাৰ লগতে উন্নত আন্তঃগাঁথনি, সুলভ জনসেৱা, ব্যয়সাধ্য চিকিৎসা সেৱা, গুণগত মানসম্পন্ন শিক্ষা, পৰিচ্ছন্ন মহানগৰ গঢ়ি তুলি জনসাধাৰণৰ দৈনন্দিন জীৱনৰ বোজা হ্ৰাস কৰিছে।