June 26, 2026 8:18 PM | PM Modi

printer

নিচামুক্ত ভাৰত অভিযানে সমগ্র দেশতে গণ আন্দোলনৰ ৰূপ লৈছে : প্রধানমন্ত্রী

দেশৰ জনসাধাৰণৰ অংশগ্রহণেৰে নিচামুক্ত ভাৰত অভিযানে সমগ্র দেশতে এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রকাশ কৰিছে। সামাজিক ন্যায় আৰু সৱলীকৰণৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণৰ গুৰুত্ব সম্পর্কে লিখা লেখনি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। সামাজিক মাধ্যমযোগে প্রকাশ কৰা এই বার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সকলো জনসাধাৰণক ড্ৰাগছমুক্ত ভাৰত আৰু বিকশিত ভাৰত নির্মাণত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

লেখনিটোত শ্রীবার্মাই উল্লেখ কৰে যে যুৱ প্ৰজন্মৰ ভৱিষ্যত আৰু দেশৰ প্ৰগতিত হেঙাৰ হিচাপে থিয় দিয়া ড্ৰাগছক চৰকাৰে স্পৰ্শকাতৰ বিষয় হিচাপে গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে সকলো জনসাধাৰণকে বিশেষকৈ যুৱ প্ৰজন্মক নিচামুক্ত ভাৰত অভিযানৰ অংশ ল’বলৈ আহ্বান জনাইছে। সকলোৰে সহযোগত এই অভিযান এটি গণ আন্দোলনৰ ৰূপ লৈ ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লগতে এখন উন্নত ভাৰত গঢ় লৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই পদক্ষেপে বিকশিত ভাৰতৰ সপোন গঢ়াত শক্তিশালী ভেটি হিচাপে কাম কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।