ব্ৰাটিচলাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রথম শ্লোভাকিয়া ভ্ৰমণত প্রধানমন্ত্ৰী গৰাকীক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা নৃত্য-গীতৰ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। শ্লোভাকিয়াৰ ভাৰতৰ ৰাষ্ট্রদূত অপূৰ্ব শ্রীবাস্তৱে কয় যে দেশখনত থকা ভাৰতীয় লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে। দেশখনৰ ৰাজধানী ব্ৰাটিচলাভাৰ বিভিন্ন প্ৰান্তৰ ভাৰত আৰু শ্লোভাকিয়াৰ ৰাষ্ট্ৰীয় পতাকাৰে সজ্জিত কৰি তোলা হৈছে। বিগত ৫ বছৰত দুয়োখন দেশৰ মাজত হোৱা ভ্ৰমণ তথা বিভিন্ন বিনিময়ৰ সুবাদত এই উৎসাহ ত্বৰান্বিত হোৱা পৰিলক্ষিত হৈছে। মধ্য ইউৰোপৰ ব্ৰাটিচলাভাৰ কৌশলগত ভৌগলিক অৱস্থানৰ জৰিয়তে ভাৰতৰ সৈতে পর্যটন সম্পৰ্কীয় যোগাযোগ উন্নীত হ’ব বুলি আশা কৰা হৈছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্রমণে দেশ দুখনৰ মাজৰ জনসাধাৰণৰ পাৰস্পৰিক মিত্রতা বৃদ্ধি কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা আৰু পৰ্যটন খণ্ডৰ উন্নয়নৰ বাট মুকলি কৰিব।
Assamese | June 13, 2026 7:57 PM | PM Modi
ব্ৰাটিচলাভাত নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত