July 4, 2026 11:02 AM | PM Modi

printer

এদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী আজি ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ’ব। প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰাজস্থান ভ্ৰমণ কৰিব আৰু তাত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় ৪৮০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি ২০ লাখ যাত্ৰী উপকৃত হ’ব। শ্রীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহন ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণ কালতে তেওঁ ৰাজ্যখনৰ বালোট্টাত প্ৰায় ১ লাখ ছহেজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্রকল্পসমূহে পেট্ৰ’কেমিকেল, নগৰ পৰিবহন, ৰেলৱে’, পথ, পুনৰ নবীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল’ব। দেশৰ শক্তি আৰু পেট্ৰ’কেমিকেল খণ্ডই বৃহৎ সাফল্য হিচাপে প্রধানমন্ত্রীয়ে বালোট্টাৰ পাছপাড়াত নিৰ্মাণ কৰা দেশৰ প্ৰথমটো গ্রীনফিল্ড শোধনাগাৰ তথা পেট্ৰ’কেমিকেল প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। হিন্দুস্তান পেট্ৰ’লিয়াম নিগম লিমিটেড আৰু ৰাজস্থান চৰকাৰৰ যুটীয়া উদ্যোগত বছৰি ৯ মিলিয়ন মেট্রিকটন তেল উৎপাদন কৰিব পৰা গ্ৰীণফিল্ড ৰিফাইনাৰি তথা পেট্‌ কেমিকেল চৌহদটো ৭৯ হাজাৰ ৪৫০ কোটিটকৈও অধিক টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ ১৩ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তোড়িমোৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ ৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-দক্ষিণ মেট্‌ কৰিড’ৰে সীতাপুৰা আৰু বিশ্বকর্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ ৩৬টা ষ্টেচনক সংযোগ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে চুৰু-চাদুলপুৰ আৰু চুৰু-ৰতনগড় দ্বৈত ৰে’ল প্ৰকল্প আৰু চাৰিলেনযুক্ত ১২৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা যোথপুৰ ৰিং ৰোড ছেকছন টু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব ।

তেওঁ লগতে এহেজাৰ মেগাৱাট বিকানেৰ সৌৰ শক্তি প্রকল্পও ৰাইজৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্ৰায় ৫৪ হাজাৰ যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰও বিতৰণ কৰিব।

ৰাজস্থান ভ্রমণ সামৰি সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমিকণ্ডাক্টৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্রকল্প ভাৰতৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ’ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো ৭ হাজাৰ ৫০০ কোটিতকৈও অধিক ধন ব্যয়সাপেক্ষে নির্মাণ কৰা হৈছে।