প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত আই এন এছ দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন থলুৱাভাৱে নির্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাবে অন্তর্ভুক্ত কৰিব। গার্ডেন বিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰছ নামৰ প্রতিষ্ঠানটোৱে নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰ’ই আৰ্হি প্ৰস্তুত কৰা জাহাজকেইখন নিৰ্মাণ কৰি উলিয়াইছে।
জাহাজকেইখনৰ অন্তর্ভুক্তিৰ ফলত নৌসেনা বাহিনীত যুদ্ধ অভিযান, জল নিৰীক্ষণ আৰু ছাবমেৰিন বিধবংসী অভিযানৰ সামৰ্থ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আই এন এছ দুনাগিৰি নাম জাহাজখন ব্রহ্মোছ ক্ষেপণাস্ত্ৰ আৰু মধ্যম দূৰত্বভেদী প্ৰতিৰক্ষা প্ৰণালীৰে সুসজ্জিত।
ইয়াৰ বিপৰীতে আই এন এছ সংশোধক নামৰ জাহাজখন উপকূল আৰু গভীৰ পানীৰ অভিযানৰ বাবে সাজি উলিওৱা হৈছে। একেদৰে আই এন এছ অগ্রয় নামৰ জাহাজখন টর্পেড’, ৰকেট নিক্ষেপক আৰু ছ’নাৰ দৰে ছাবমেৰিন বিধবংসী প্রণালীৰে সুসজ্জিত।
নৌসেনাই প্ৰকাশ কৰা মতে এই জাহাজকেইখনত ৭৫ শতাংশৰো অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু দুশৰো অধিক অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সৈতে জড়িত।