July 6, 2026 6:32 PM

views 8

কোকৰাঝাৰত সৰলভাঙা নদীৰ পাৰত দুষ্প্ৰাপ্য গুঁই সাপ নিধনৰ অপৰাধত দুজন ব্যক্তিক গ্ৰেপ্তাৰ

কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু চিনা জহোলাউ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা সৰলভাঙা নদীৰ পাৰত দুষ্প্ৰাপ্য গুঁই সাপ নিধনৰ অপৰাধত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। সীমা সশস্ত্র বাহিনীৰ জোৱান আৰু উল্টাপানী বন সংমণ্ডলৰ কৰ্মচাৰীৰ যুটীয়া অভিযানত যোৱা নিশা ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰা হয়। দুয়োজন অভিযুক্তক অধিক তদন্তৰ বাবে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছে।

July 6, 2026 6:29 PM

views 5

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি সমন্বয়ৰক্ষীৰ সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জ...

July 6, 2026 6:25 PM

views 7

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত পৰিষদে এই সন্দৰ্ভত অৱস্থান ধৰ্মঘট আদি কাৰ্যসূচী হাতত লৈছে। বজালী জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত চাৰি-দফীয়া দাবী উত্থাপনেৰে দুখন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰক-পত্ৰ অসমৰ বান গৰাখহনীয়াৰ ফলত কৃষি, অ...

July 6, 2026 6:23 PM

views 6

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শ‍ইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্...

July 6, 2026 6:16 PM

views 7

আজিৰে পৰা অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশন

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স...

July 4, 2026 8:33 PM

views 9

ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত প্রধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্রহ্লাদ যোশীয়ে লিখা এটা প্রবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয়, যে অংশীদাৰসকলৰ সৈতে বিশদ আলোচনা কৰাৰ পাছত ই-জাগৃতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল সংস্কাৰ ব্যৱস্থাৰ অধীনত গ্ৰাহকসকলৰ ন্যায় প্ৰদানৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ই-জাগৃতি মঞ্চ সন্দৰ্ভত লিখা এটা প্ৰবন্ধত শ্...

July 4, 2026 8:22 PM

views 8

চলিত মাহৰ ২০ তাৰিখৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ ২০ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশন ১৩ আগষ্টত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পষ্টত জনাই যে এই অধিৱেশনত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণ বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হ'ব।

July 4, 2026 8:17 PM

views 7

ডেমি’ক্রেটিক ৰিপাব্লিক অৱ কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা ৬৫১ গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক

ডেমি’ক্রেটিক ৰিপাব্লিক অৱ কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা ৬৫১ গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ইয়াৰ দ্বাৰা বিশ্ব শান্তি ৰক্ষা অভিযানত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিলে। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত ভাৰতীয় সেনা দলটোক পেছাদাৰিতা, কাৰ্যকৰী উৎকৰ্ষতা আৰু নিষ্ঠাবান সেৱাৰ বাবে কালি আয়োজন কৰা এটা অনুষ্ঠানত এই পদকসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযানৰ উচ্চপদস্থ বিষয়া, মুখ্য কাৰ্যালয়ৰ প্ৰত...

July 4, 2026 8:13 PM

views 9

ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টার্মিনেলত ইউক্রেইনৰ ড্রোন আক্রমণ

ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টার্মিনেলত ইউক্রেইনে আজি এটা ড্রোন আক্রমণ কৰে। ৰাছিয়াৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে চহৰখন আৰু ইয়াৰ আশে-পাশে অঞ্চলসমূহৰ ওপৰত কেইবা ডজন ইউক্রেইনৰ ড্রোনক প্রতিহত কৰে। ছেণ্ট পিটাৰ্ছবাৰ্গৰ গৰ্ভনৰ আলেকজেণ্ডাৰ বেগল’ভে কয়, যে এই আক্ৰমণত বাল্টিক সাগৰৰ সমীপৰ কিৰ’ভস্কি জিলাক লক্ষ্য কৰি লোৱা হৈছিল। তেওঁ আৰু কয়, যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ আৰু চুবুৰীয়া অঞ্চলটোৰ ওপৰত ইউক্রেইনে ৭২টা ড্রোন নিক্ষেপ কৰিছিল। ইউক্রেইনৰ ৰা...

July 4, 2026 8:00 PM

views 14

ভাষা আন্দোলনৰ প্ৰথম ছহিদ ৰণজিৎ বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ ছহিদ ৰণজিৎ‍ বৰপূজাৰী ছহিদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

ভাষা আন্দোলনৰ প্ৰথম ছহিদ ৰণজিৎ বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ ছহিদ ৰণজিৎ‍ বৰপূজাৰী ছহিদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী ছাত্ৰ সন্থা, কটন বিশ্ববিদ্যালয়ৰ আছু গোট আৰু ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° হীৰেন ডেকাই বন্তি প্ৰজলন কৰে। ড° ডেকাই ছহিদগৰাকীক স্মৰণ কৰি কয় যে মাতৃভাষাৰ মৰ্যাদা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ৰণজিৎ বৰপুজাৰীৰ আত্মবলিদান চিৰদিন অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। নতুন প্ৰজন্মই ছহিদসকলৰ আদৰ্...