September 22, 2026 7:28 PM

views 16

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদানঃ যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ-প্রযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ৷ অনুষ্ঠানত কিংবদন্তী অভিনেতা অনন্ত নাগক ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ২০২৪ বৰ্ষৰ সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প...

September 22, 2026 6:38 PM

views 16

মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী অজন্তা নেওগৰ তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক

হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্রীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নির্দেশ দিয়ে। তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ...

September 22, 2026 4:40 PM

views 24

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দিপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু...

September 22, 2026 4:05 PM

views 28

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ কালি অনুষ্ঠিত অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে পোলেও, হাংগেৰী, শ্লোভাকিয়া আৰু চেক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰীসকলেও এই বৈঠকত অংশ গ্ৰহণ কৰে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। ভাৰত আৰু V4 গোটৰ মাজত সংযোগ শক্তিশালী কৰা সন্দৰ্ভত মন্ত্ৰীসকলে মত বিনিময় কৰে। এই দেশসমূহ নেতৃবৃন্দই ভাৰতৰ সৈতে থকা নিজ দেশৰ শক্তিশালী দ্বিপাক্ষিক সম্পর্ক স্বীকাৰ কৰাৰ লগতে V4 প্লাচ ভাৰত ফৰমেট...

September 22, 2026 3:53 PM

views 15

পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰেঃ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত নৱম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ উদ্বোধন কৰে। এই উপলক্ষে শ্ৰীৰাধাকৃষ্ণণে পানীৰ সঠিক ব্যৱহাৰ আৰু জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। জল সপ্তাহক পানী ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান সম্পৰ্কে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰে। তেওঁ কয় যে জল ব্যৱস্থাপনাৰ বাবে অধিক সহযোগিতা আৰু সমন্বিত দৃষ্টিভংগীৰ আৱশ্যকতা আছে। তেওঁ লগতে প...

September 22, 2026 4:51 PM

views 24

গুজৰাটৰ এক্তা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ’ব

গুজৰাটৰ এক্তা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্রাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সঁহাৰি জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতা নগৰত হ'বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ'ব, যা...

September 19, 2026 9:29 PM

views 21

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছ...

September 19, 2026 3:16 PM

views 17

জনমূৰি কাৰ্বন নির্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কমঃ প্রধানমন্ত্রী মোদী

জনমূৰি কাৰ্বন নির্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কম বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ‘পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি আজি প্ৰধানমন্ত্রীয়ে কয়, যে উন্নয়নশীল দেশসমূহক সততে কার্বন নির্গমনৰ বাবে দায়ী সজোৱা হয়, যিটো প্ৰকৃততে উচিত নহয়। তেওঁ কয়, যে পেৰিছত অনুষ্ঠিত COP- 21 শীৰ্ষ সন্মিলনৰ প্ৰতিশ্ৰুতি সময়ৰ পূৰ্বে সফলভাৱে পূৰণ কৰা ভাৰতেই হৈছে G-20 ৰাষ্ট্ৰগোষ্ঠীৰ একমাত্র দেশ। বিগত ১২ বছৰত ভাৰতে ...

September 14, 2026 9:15 PM

views 21

যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন

ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্রশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলীকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই সন্মিলনৰ কাৰ...

September 14, 2026 9:09 PM

views 18

লখিমপুৰৰ চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক প্রস্তুতি কৰ্মশালাত সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক এখন প্রস্তুতি কৰ্মশালাত অংশগ্ৰহণ কৰে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ২৫ বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া সেৱা সংকল্প অভিযানৰ ৰূপায়ণৰ বাবে আজি জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰিৰ বিহুতলীত অনুষ্ঠিত কৰ্মশালাত সাংসদ বৰুৱাই অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ হ'বলগীয়া এমাহজোৰা কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ মাজত সেৱা, সুশাসন আ...