July 4, 2026 7:58 PM

views 12

শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্রদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্রকাশ

শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে, বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰতিষ্ঠা কৰিছে বুলি ...

July 4, 2026 7:48 PM

views 6

যোগাভ্যাসৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ উদ্দেশ্যে পিএমশ্রী গাঁৱে গাঁৱে যোগ মহা অভিযানৰ অংশ হিচাপে শিলচৰত অনুষ্ঠিত ১১ দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি

যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পি এম শ্রী গাঁৱে গাঁৱে যোগ মহা অভিযানৰ অংশ হিচাপে শিলচৰত অনুষ্ঠিত ১১ দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ১২০ জন প্রশিক্ষার্থীক প্রমাণ পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত ব্যৱহাৰিক যোগাভ্যাস, তাত্বিক পাঠ, সুস্থ জীৱনৰ বাবে যোগাসনৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত মনোজ্যোতি কুটুম আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযা...

July 4, 2026 7:43 PM

views 10

বিটিচি প্ৰশাসনে বি টি আৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ ভিন্ন ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন

বিটিচি প্ৰশাসনে বি টি আৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুর্নীতি, উৎকোচ গ্রহণ, কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাকে ধৰি বিভিন্ন অনিয়মৰ গোচৰ তদাৰক কৰিবলৈ আলোচনা মৰ্মে তদাৰকী কোষ আৰু নিৰীক্ষণ সমিতি এখন গঠনৰো সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে বিটিচিৰ উন্নয়...

July 4, 2026 7:39 PM

views 8

যোৰহাটৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি পি এম পোষণ আঁচনিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত

যোৰহাট জিলাৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি পি এম পোষণ আঁচনিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ প্রতিনিধি, টিয়ক আৰু তিতাবৰ সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধি, অতিৰিক্ত জিলা আয়ুক্ত, পি এম পোষণ আঁচনিৰ পৰিচালক, বিদ্যালয় পৰিদৰ্শক আৰু যোৰহাট জিলাৰ বিভাগীয় মুৰব্বীসকল উপস্থিত আছিল।

July 4, 2026 7:33 PM

views 11

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অর্থে মন্ত্ৰী কৌশিক ৰায়ৰ পর্যালোচনা বৈঠক

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অর্থে জি আই এছ ভিত্তিক পানী নিষ্কাষণ ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী-ভৰলু অববাহিকাৰ বিষদ প্ৰকল্প প্রতিবেদন সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত গুৱাহাটী বৰষুণৰ পানী নিষ্কাষণ ব্যৱস্থা ফলপ্রসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত পৰিকল্পনা তথা প্ৰকল্প প্রতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই ...

July 4, 2026 7:31 PM

views 13

মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুসংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশু পালন, মৎস্য পালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্রশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ জীৱনজ্যোতি য়েইন, ড০ ভৈৰৱ গগৈ আৰু ড০ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃ...

July 4, 2026 7:24 PM

views 7

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱ নিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেছন কাৰ্যসূচী আৰম্ভ

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱ নিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেছন কাৰ্যসূচী আৰম্ভ হৈছে। দিশপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱ নিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্রতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত ৯ গৰাকী আমন্ত্রিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্...

July 4, 2026 7:35 PM

views 9

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ অব্যাহত

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত ১৭ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে, এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত দুজন আৰু নগৰবেৰা আৰু ছয়গাওঁত একোজনকৈ লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোৱা দিয়া, ঔষধ মিহলি আঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰ আয়োজন কৰি আহিছে। জিলাখনৰ বকো, ছয়গাওঁ, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলি আৰু হাজো আদি অঞ্চলত ধোৱা দিয়া হৈছে। তদুপৰি গাহৰী থ...

July 4, 2026 7:15 PM

views 7

কাইলৈ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্রয়োজনীয় সমাৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পার্কিং কৰিব নোৱাৰিব...

July 4, 2026 7:10 PM

views 12

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন কৰিছে

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীয়ে শ্রদ্ধা নিবেদন কৰিছে। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শ‍ইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ। ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি গৰাকীয়ে ২০০০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পূণ্য তিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি, শব্দৰ খনিকৰ হীৰেন ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সুঁৱৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বা...