July 4, 2026 7:05 PM

views 4

কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুর্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুর্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। প্রতিযোগীসকলে প্রকাশিত গ্ৰন্থৰ দুটাকৈ কপি মৌচাক, ডেকা গাঁও, যোৰহাট-৭৮৫০০৬ ঠিকনাত কিৰন তামুলী শিশু সাহিত্য বঁটা ২০২৬ বুলি উল্লেখ কৰি অহা ৩০ আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। ২০২৬ চনৰ ১০ অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰতিটো শিতানত ২৫ হাজাৰ আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰ...

July 4, 2026 7:03 PM

views 10

যোৰহাটৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকীক আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে

যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকী আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোত কিছুদিন ধৰি নাহৰফুটুকীয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ-জন্তু আক্রমণ কৰি আহিছিল। ইয়াৰ পাছতে বন বিভাগে যোৱা ২৭ জুনত অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে। বন বিভাগে জনোৱা মতে, আজি আৱদ্ধ হোৱা বাঘটো স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰাপদ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব।

July 4, 2026 7:00 PM

views 4

আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল’বলগীয়া জৈৱ সুৰক্ষা’ বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা' বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ-সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপ-সঞ্চালক ডাঃ অক্ষয়ভট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাক...

July 4, 2026 6:53 PM

views 9

বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ২৩ জন লোকক সন্ত্রাসবাদী হিচাপে ঘোষণা গৃহ মন্ত্ৰ্যালয়ৰ

গৃহ মন্ত্ৰ্যালয়ে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ২৩ জন লোকক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছে। এই লোককেইজনৰ ভিতৰত ১৭ জন পাকিস্তানী আৰু ৬ জন ভাৰতীয় নাগৰিক আছে। অৱশ্যে জৈইছ এম মহম্মদ, লস্কৰ-এ-তৈয়ৱা আৰু অন্য সন্ত্ৰাসবাদী সংগঠনৰ জড়িত এই লোককেইজনে বর্তমান পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা কাম-কাজ চলায় আছে। সন্ত্রাসবাদী হিচাপে ঘোষিত এই লোককেইজন সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰা, অস্ত্ৰ সৰবৰাহ, সীমান্তৰে অনুপ্ৰৱেশ, সন্ত্ৰাসবাদী সংগঠনৰ বাবে পুঁজি আহৰণ আৰু নতুন সদস্যভৰ্তিৰ দৰে ভাৰত বিৰোধ...

July 4, 2026 6:51 PM

views 10

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দিল্লীৰ মুখ্য নির্বাচনী বিষয়াৰ লগতে জিলা নির্বাচনী বিষয়া নির্বাচনী পঞ্জীয়ন বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে উপৰাষ্ট্ৰপতি ভৱনত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত গণনা প্রক্রিয়া সহজ কৰি তুলিছে। শ্ৰীৰাধাকৃষ্ণনে সকলো যোগ্য ভোটদাতাক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান...

July 4, 2026 6:51 PM

views 8

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজ মূল্য ১৩ শতাংশ বৃদ্ধি

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজ মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে। এই অনুসাৰে এনে পিঁয়াজৰ প্ৰতি কুইণ্টলৰ মূল্য ১ হাজাৰ ৮৭৫ টকাৰ পৰা ২ হেজাৰ ১২৫ টকালৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে পিঁয়াজৰ এই নতুন সংশোধিত মূল্য আজিৰে পৰা প্রযোজ্য হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে সংশোধিত মূল্যই পিঁয়াজৰ খেতিয়ক সকলক উপকৃত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্রয় প্ৰক্ৰিয়া সুদৃঢ় কৰাত সহায় কৰিব।

July 4, 2026 6:48 PM

views 8

ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী

ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী হৈছে। বিগত বৰ্ষৰ ছেপ্তেম্বৰত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, এই দ্বিপাক্ষিক বিনিয়োগ চুক্তি হৈছে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক অর্থনৈতিক সম্পর্ক শক্তিশালী কৰা তথা সুৰক্ষিত আৰু ভৱিষ্যতৰ বিনিয়োগৰ পৰিবেশ নিশ্চিত কৰাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই চুক্তিখনে বিনিয়োগ আৰু বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান কৰিব। এই চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আইনৰ আধুনিক সিদ্ধান্ত আৰু বিকশিত ন্যায় শাস্ত্রকো প্...

July 4, 2026 6:45 PM

views 8

স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন

পৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে স্বামী বিবেকানন্দ এগৰাকী মহান দেশপ্রেমী, দার্শনিক আৰু আধ্যাত্মিক দৰ্শনেৰে পূৰ্ণ ব্যক্তি আছিল। তেওঁ কয়, যে স্বামী বিবেকানন্দই ভাৰতৰ সভ্যতাগত চেতনাক পুনৰ জগাই তুলিছিল আৰু ভাৰতৰ শ্বাশ্বত জ্ঞানক বিশ্বৰ আগত চিনাকী কৰাই দিছিল । শ্ৰীৰাধাকৃষ্ণণে লগতে স্বামী বিবেকানন্দৰ আদৰ্শই সকলোকে সমৰ্পণৰ মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ আৰ...

July 4, 2026 6:42 PM

views 6

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিম’ৰিক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিম’ৰিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ভাৰতে পেৰুৰ সৈতে থকা গভীৰ সম্পৰ্কক মূল্য দি অহাৰ লগতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ। প্রধানমন্ত্রী শ্রী মোদীয়ে শ্রীমতী ফুজিম’ ৰিয়ে তেওঁৰ কাৰ্যকাল সফলতাৰে সম্পন্ন কৰাৰ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত আৰু পেৰুৰ মাজৰ ভৱিষ্যৎ সম্পৰ্ক আগবঢ়াই নিবলৈ একেলগে কাম...

July 2, 2026 8:27 PM

views 15

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছেঃ প্ৰধানমন্ত্ৰী

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-জাপান যুটীয়া অর্থনৈতিক মঞ্চত ভাষণ দি শ্রী মোদীয়ে কয়, যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হ'লে সমগ্র বিশ্বই ইয়াৰ পৰা উপকৃত হয়। তেওঁ কয়, যে দুয়ো পক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে অর্থনৈতিক সু...