September 14, 2026 9:02 PM

views 18

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূর্ণ হয়। আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰী লহকৰক জেৰা কৰে। ইয়াৰ লগতে প্রবাসী অসমীয়া গৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ...

September 14, 2026 8:53 PM

views 18

টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ প্ৰতিযোগিতাখনত অনবদ্য প্রদর্শনেৰে আটাইকেইখন খেলতে জয়লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ কয়, যে এই খেলুৱৈসকল হৈছে দেশৰ যুৱ প্ৰজন্মৰ বাবে অসীম প্ৰেৰণাৰ উৎস। অনাগত দিনত তেওঁলোকে সফলতাৰ এনে বহু গাঁথা ৰচনা কৰিব বুলি শ্রীমতী মু...

September 14, 2026 8:44 PM

views 19

বেলুচিস্তানৰ কয়লা খনিত গেছ বিস্ফোৰণৰ ঘটনাত ৪ জন শ্রমিক নিহত

পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তানৰ এটা কয়লা খনিত হোৱা গেছ বিস্ফোৰণৰ ঘটনাত ৪ জন শ্রমিক নিহত হোৱাৰ লগতে ৫ জন শ্রমিক আহত হয়। হাৰ্নাই জিলাৰ এটা কয়লা খনিৰ ভিতৰত কালি এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা আগষ্টত বেলুচিস্তানৰ ডুকি জিলাত এটা কয়লা খনিত কৰ্মৰত অৱস্থাত উশাহত বিষাক্ত মিথেন গেছ প্রৱেশ কৰাত দুজন আফগান নাগৰিককে ধৰি ৩ জন শ্রমিক নিহত হয়।

September 14, 2026 8:22 PM

views 11

সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানৰ

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানে সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ হাতত থিৰুকুৰালৰ ৰুছ অনুবাদৰ প্ৰতিলিপি অৰ্পণ কৰাৰ বাবে তেওঁ শ্ৰীমোদীক ধন্যবাদ জ্ঞাপন কৰে। চেন্নাইস্থিত তেওঁৰ বাসগৃহত আজি গণেশ চতুর্থী উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰাৰ পাছত শ্ৰীমুৰুগানে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্রী শ্রীমোদীয়ে নতুন দিল্লীত সফলতাৰে ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত...

September 14, 2026 8:20 PM

views 10

বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশৰ ইচ্ছা প্ৰকাশ

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী হুমায়ুন কবিৰে বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি সদৰি কৰিছে। ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সাংবাদিকৰ সৈতে মত-বিনিময় কৰি হুমায়ুন কবিৰে কয়, যে সম্প্ৰতি দেশ দুখনৰ মিত্ৰতা কিছুমান নিৰ্দিষ্ট দিশত সীমাবদ্ধ হৈ আছে। এই পৰিধি অতিক্ৰম কৰি উমৈহতীয়া স্বাৰ্থৰ ভিত্তিত নতুন দিল্লীৰ সৈতে মিত্ৰতা আগবঢ়াই নিবলৈ বাংলাদেশে ইচ্ছা প্রকাশ কৰা বুলি সদৰি কৰে। প্ৰয়োজন সাপেক্ষ...

September 14, 2026 8:16 PM

views 25

BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তেওঁ কয়, যে এই শীর্ষ সন্মিলনৰ সফলতাই গোলকীয় পৰ্যায়ত গভীৰ প্ৰভাৱ পেলাব। শ্ৰী সিঙে উল্লেখ কৰে যে ঐতিহাসিক নতুন দিল্লী ঘোষণা পত্ৰ কেৱল নথি নহয়, বৰঞ্চ এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বৰ্ধিত গোলকীয় প্ৰভাৱৰ প্ৰমাণ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত BRICS-ৰ অধ্যক্ষ হিচাপে ভ...

September 14, 2026 8:09 PM

views 10

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডত ৪টা পর্যবেক্ষক জ’নত বিভক্ত কৰা হৈছে। ইতিমধ্যে পর্যবেক্ষকসকলে শিলচৰত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী, নির্বাচনী এজেণ্ট আৰু জনসাধাৰণে নির্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে নিজ নিজ ৱাৰ্ডৰ ভাৰপ্ৰাপ্ত পর্যবেক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰিব।

September 14, 2026 5:48 PM

views 48

কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে আজি কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাসায়নিক সাৰৰ ক'লা বজাৰ বন্ধ কৰা, কৃষকক উপযুক্ত মূল্যত সাৰ প্ৰদান কৰা, প্রকৃত কৃষকক পি এম কিষাণ কার্ড প্রদান কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত কৃষকসকলে এই প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

September 14, 2026 5:46 PM

views 7

পত্নী হত্যাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰামানুজ গোস্বামী নামৰ অপৰাধীজনৰ মৃত্যু

পত্নী হত্যাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰামানুজ গোস্বামী নামৰ অপৰাধীজনৰ আজি মৃত্যু হয়। পুৱতি নিশা কাহিলিপাৰাৰ পৰা নৰকাসুৰ পাহাৰহৈ গুৱাহাটী চিকিৎসালয় হাস্পাতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা অৱস্থাত অভিযুক্তজনে আকক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি পলাবলৈ চেষ্টা কৰাৰ ফলত গুৰুতৰভাৱে আগত হৈ মৃত্যুক সাৱটি লয়। বর্তমান অভিযুক্তজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে।

September 14, 2026 5:43 PM

views 5

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী।