বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশৰ ইচ্ছা প্ৰকাশ

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী হুমায়ুন কবিৰে বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি সদৰি কৰিছে।

ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সাংবাদিকৰ সৈতে মত-বিনিময় কৰি হুমায়ুন কবিৰে কয়, যে সম্প্ৰতি দেশ দুখনৰ মিত্ৰতা কিছুমান নিৰ্দিষ্ট দিশত সীমাবদ্ধ হৈ আছে। এই পৰিধি অতিক্ৰম কৰি উমৈহতীয়া স্বাৰ্থৰ ভিত্তিত নতুন দিল্লীৰ সৈতে মিত্ৰতা আগবঢ়াই নিবলৈ বাংলাদেশে ইচ্ছা প্রকাশ কৰা বুলি সদৰি কৰে।

প্ৰয়োজন সাপেক্ষে বাংলাদেশে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সৈতে সংগতি ৰাখি অন্য দেশসমূহকো সাক্ষাৎ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰত-বাংলাদেশৰ সীমান্ত অঞ্চলত সংঘটিত শেহতীয়া ঘটনা সন্দৰ্ভত শ্ৰীকবিৰে কয়, যে ঢাকাই কূটনৈতিক আলোচনাৰ জৰিয়তে এই সমস্যাসমূহ সমাধান কৰাৰ পোষকতা কৰে।

এইক্ষেত্ৰত দেশখনে আন্তঃৰাষ্ট্ৰীয় আইন তথা দ্বিপাক্ষিক চুক্তি আৰু সীমান্ত অঞ্চলৰ নীতি-নিয়মসমূহ মানি চলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ১০১ খন বুজাবুজিৰ চুক্তি পর্যালোচনা কৰাৰ বিষয়টো সন্দৰ্ভত তেওঁ কয়, যে সংসদীয় ব্যৱস্থাৰ জৰিয়তে এইসমূহ পৰীক্ষা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।