September 14, 2026 5:40 PM

views 8

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক সোণালী ঘোষৰ সংবাদমেল

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক সোণালী ঘোষে কালি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত শ্রীমতী ঘোষে কয়, যে তিনিচুকীয়াৰ হাতীৰ মালিক এগৰাকীয়ে সীমিত সময়ৰ বাবে হাতীজনীক মানাহত ৰাখিছিল। পাছত তেওঁৰ অনুমতি অনুসৰি বন্য প্রাণী সুৰক্ষা আইনৰ অধীনত ৭ ছেপ্তেম্বৰত হাতীজনী কেৰেলমলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা এই হাতীজনীৰ লগতে আৰু তিনিটা হাতী প্ৰেৰণৰ কথা আছিল বুলি উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয়, যে হাতীৰ সৈতে...

September 14, 2026 5:05 PM

views 16

অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে গণেশ দেৱতাৰ পূজা-অৰ্চনা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। গণেশ চতুর্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমন হয় আৰু সকলোৱে সিদ্ধি দাতা গণেশ দেৱতাক পূজা-অৰ্চনা কৰে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্রতীক। বিনায়ক চতুর্থী বা গণেশ উৎসৱ হিচাপেও পৰি...

September 12, 2026 5:54 PM

views 12

ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক তিৰোভাব তিথি পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ৬ ছেপ্তেম্বৰৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হয়। তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্...

September 12, 2026 5:46 PM

views 16

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হয়। ডিব্ৰুগড় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পশু কল্যাণমূলক বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকসকলে এই অভিযান সম্পন্ন কৰে। উল্লেখযোগ্য যে পূৰ্বেও ৭০ টাৰো অধিক কুকুৰক টিকাকৰণ কৰাৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ২০ টাতকৈ অধিক কুকুৰক এই টিকা দিয়া হয়। পশু কল্যাণ আৰু জনসুৰক্ষাৰ বাবে চিকিৎসালয় চৌহদত চলোৱা এই জলাতংক প্ৰতিৰোধী টিকাকৰণ অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

September 12, 2026 5:06 PM

views 19

কাইলৈ মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব

ডুবাইত কাইলৈ হ'বলগীয়া মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। যোৱা নিশা অনুষ্ঠিত ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে সাতবাৰৰ চেম্পিয়ন ভাৰতে গ্রুপ পৰ্যায়ৰ তিনিখন খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ পাছত ছেমিফাইনেলত বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰে। উল্লেখ্য যে, ২০২৪ চনৰ ফাইনেলত শ্রীলংকাই ভাৰতক পৰাস্ত কৰি নিজৰ প্ৰথমটো এছিয়া কাপ খিতাপ জয় কৰিছিল।

September 12, 2026 5:03 PM

views 21

ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে

ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ কোৰিয়াক ৫-১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ চুপ্ৰিয়াই ৩ টা গল দিয়ে। মধু আৰু সুখবীৰ কৌৰে এটাকৈ গল দিয়ে। ভাৰত ফাইনেলত চীন আৰু জাপানৰ মাজৰ দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলটোৰ সন্মুখীন হ’ব। ইয়াৰ পূৰ্বে ভাৰতে কালি মালয়েছিয়াক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ জুনিয়ৰ এছিয়ান কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ অধিনায়ক অনমোল এক্কাই দুটা আৰু স...

September 12, 2026 4:51 PM

views 14

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ’বঃ প্ৰহ্লাদ যোশী

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ'ব। সামাজিক মাধ্যমযোগে কেন্দ্রীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ব্ৰিক্‌ছ সন্মিলনৰ আপাহতে বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাটো দেশৰ বাবে অতি গৌৰৱৰ বিষয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ উদ্ভাৱনৰ ক্ষেত্ৰখন ত্বৰান্বিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে দেশৰ এই উদ্ভাৱন যাত্ৰাই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাই...

September 12, 2026 4:38 PM

views 13

অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা অনুসৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই অর্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ অংশীদাৰিত্ব আৰু সামৰ্থ বিকাশকে ধৰি মূল খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ...

September 12, 2026 4:23 PM

views 14

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক-পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় ২ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

September 12, 2026 3:49 PM

views 65

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে বৃন্দাবন হাটীৰ হাটীয়াৰ ঘৰৰ পৰা ওজাপালি, গায়ন-বায়ন, নাম-কীর্তনীয়া দলে সত্ৰীয়া...