চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক-পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ’ব।

ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে।

এইবেলি জিলাখনত প্ৰায় ২ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।