September 12, 2026 4:23 PM

views 2

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক-পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় ২ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

September 12, 2026 12:06 PM

views 6

আজি দেশজুৰি চলিত বর্ষৰ তৃতীয়খন ৰাষ্ট্রীয় লোক আদালত

চলিত বর্ষৰ তৃতীয়খন ৰাষ্ট্রীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক-পাৰিবাৰিক বিবাদ, মটৰ দুর্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্রাক আদালত পর্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় ২ সহস্রাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

December 8, 2025 7:58 PM

views 68

ৰাজ্যৰ ভিন্ন প্ৰান্তত লোক আদালতৰ বাবে প্রস্তুতি অব্যাহত

অহা ১৩ ডিচেম্বৰত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ততো লোক আদালতৰ বাবে প্রস্তুতি চলিছে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা আৰু ঢকুৱাখনা মহকুমা আদালতত ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লখিমপুৰ আইন সেৱা প্ৰাধিকৰণৰ সচিবে বিভিন্ন ধৰণৰ গোচৰ যেনে বিত্তীয় লেন-দেন সংক্রান্তিয় গোচৰ, শ্রম বিবাদ, বেংকৰ ঋণ অনাদায়, বিদ্যুৎ, পানী যোগানৰ বিল সংক্রান্তিয় গোচৰ মীমাংসা যোগে হ'বলগীয়া ফৌজদাৰী আৰু দেৱানী গোচৰ আৰু অন্যান্য গোচৰৰ বিবাদৰ সৈত...

December 6, 2025 7:00 PM

views 52

হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নির্দেশনা মর্মে হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা দাবী, যান-বাহন সম্পৰ্কীয় গোচৰ, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ, বীমা সম্পৰ্কীয় গোচৰ টেলিফন বিল, বিজুলী মাচুল সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো...

September 13, 2025 8:17 PM

views 71

ৰাজ্যৰ বিভিন্ন ঠাইত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত আজি লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতৰ জৰিয়তে বিভিন্ন বেংক, বিদ্যুৎ বিভাগৰ ২৭৫টা গোচৰ নিষ্পত্তি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত বিভিন্ন গোচৰ নিষ্পত্তিৰ জৰিয়তে ৯০ লাখ ৮০ হাজাৰ টকা সংগ্ৰহ কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধীনত বিশ্বনাথৰ জিলা ন্যায়িক আদালততো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতত আপোচযোগ্য বিভিন্ন ফৌজদাৰী গোচৰ, দেৱানী গোচৰ পাৰিবাৰিক গোচৰকে ধৰি ১...

August 21, 2025 8:31 PM

views 48

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত অহা ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন আৰু আবকাৰি গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, ১০৭ ধাৰা, বেংক ঋণ, বি এচ এন এল, বিদ্যুৎ বিল, শ্রমিক সম্পৰ্কীয় আইনী ব্যৱস্থাৰ মাজলৈ নোযোৱাকৈ মীমাংসা কৰিব পৰা গোচৰ নিষ্পত্তি কৰা হ'ব। প্ৰাধিকৰণে লোক আদালতত অংশগ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে।

March 9, 2025 11:53 AM

views 68

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে কালি ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি কৰা হয়। দেশৰ বাকী অংশৰ লগতে অসমতো আয়োজন কৰা এই লোক আদালতত প্ৰাৱম্ভিক পৰ্যায়ত মোকদমা আৰু বিচাৰাধীন দুই লাখৰো অধিক গোচৰ লোৱা হয়। ইয়াৰে ভিতৰত ২৯ হাজাৰ ২১ টা গোচৰ সমিল মিলেৰে নিষ্পত্তি কৰা হয় আৰু জৰিমনা আদিৰ বাবদ ১২৭ কোটি ৮৪ লাখৰো অধিক ধন সংগ্রহ হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা কালি জিলাখনৰ বিচাৰাধীন এহেজাৰ ২৮৮টা গোচৰৰ ভিতৰত ৬৭১টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰে ভিতৰত অসম...

December 14, 2024 11:15 AM

views 66

মাজুলীত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অনান্য জিলাসমূহৰ লগতে মাজুলীতো মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউঞ্চৰ গোচৰ, যানবাহন ১৯৮৮ আইনৰ অধীনত নিষ্পত্তিৰ দিহা কৰা হৈছে। ইয়াৰোপৰি বিভিন্ন বেংক ঋণ আদায়, বিজুলী বিল আদায়, বি এছ এন এলৰ ফোন বিল আদায় আদি সন্দৰ্ভত মোকদমা গোচৰসমূহৰ মীমাংসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আৰু মহকুমা ন্য...

December 13, 2024 7:52 PM

views 58

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ সৌজন্যত কাইলৈ তিনিচুকীয়া জিলাত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ সৌজন্যত কাইলৈ তিনিচুকীয়া জিলাত লোক আদালতৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলা ন্যায়িক আদালতৰ লগতে শদিয়া আৰু মাৰ্ঘেৰিটা সমজিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালত প্ৰাংগণত লোক আদালত অনুষ্ঠিত হ'ব। আদালতত চলি থকা বিভিন্ন গোচৰৰ লগতে গোচৰ যোগ্য বিবাদৰো এই লোক আদালতত মিমাংসা কৰা হ'ব।

December 6, 2024 12:55 PM

views 66

হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণৰ নিৰ্দেশত আৰু হোজাই জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে সেই দিনটোত ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন গোচৰ যেনে- ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যায়হীন খৰতকীয় নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি বেংকৰ লেন-দেন, ঋণ সম্বন্ধীয় গোচৰ, আদালত সম্বন্ধীয় বিবাদসমূহো নিষ্পত্তি কৰণৰ ব্যৱস্থা কৰা হৈছে। অহা ১৪ ডিচেম্বৰত অনুষ্ঠিত হ...