অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণৰ নিৰ্দেশত আৰু হোজাই জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে সেই দিনটোত ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন গোচৰ যেনে- ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যায়হীন খৰতকীয় নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি বেংকৰ লেন-দেন, ঋণ সম্বন্ধীয় গোচৰ, আদালত সম্বন্ধীয় বিবাদসমূহো নিষ্পত্তি কৰণৰ ব্যৱস্থা কৰা হৈছে। অহা ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতত জিলা আইন সেৱা প্ৰাধীকৰণে ৰাইজৰ সহযোগিতা কামনা কৰিছে।
Assamese | December 6, 2024 12:55 PM | Akashvani | Lok Adalat
হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন