ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত আজি লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতৰ জৰিয়তে বিভিন্ন বেংক, বিদ্যুৎ বিভাগৰ ২৭৫টা গোচৰ নিষ্পত্তি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত বিভিন্ন গোচৰ নিষ্পত্তিৰ জৰিয়তে ৯০ লাখ ৮০ হাজাৰ টকা সংগ্ৰহ কৰা হৈছে।
জিলা আইন সেৱা প্ৰাধিকৰণৰ অধীনত বিশ্বনাথৰ জিলা ন্যায়িক আদালততো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতত আপোচযোগ্য বিভিন্ন ফৌজদাৰী গোচৰ, দেৱানী গোচৰ পাৰিবাৰিক গোচৰকে ধৰি ১৭শৰো অধিক গোচৰ নিষ্পত্তি কৰা হয়। হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতত সৰু-সুৰা গোচৰ, চেক বাউন্সৰ গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ, ৰাজহ সম্পৰ্কীয় গোচৰ সমিলমিলৰ মাজেৰে নিষ্পত্তি কৰা হয়।
ধেমাজিৰ ন্যায়িক আদালত আৰু জোনাই মহকুমা আদালত প্ৰাঙ্গনত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত জিলাখনৰ ২৫৬টা গোচৰ নিষ্পত্তি কৰা হয়।
Assamese | September 13, 2025 8:17 PM | Lok Adalat
ৰাজ্যৰ বিভিন্ন ঠাইত লোক আদালতৰ আয়োজন