অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা অনুসৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই অর্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ অংশীদাৰিত্ব আৰু সামৰ্থ বিকাশকে ধৰি মূল খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

আলোচনাত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন তথা বহুপক্ষীয় মঞ্চত ঘনিষ্ঠ সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত মত বিনিময় কৰে। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনত ইথিওপিয়াৰ অংশগ্ৰহণৰ বাবে শলাগ লয়।

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰীকছ শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰী মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্রাহিমৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা তথা জনসাধাৰণৰ মাজৰ সুসম্পর্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ ফলাফল সম্পর্কেও বৈঠকত আলোচনা কৰা হয়। প্রধানমন্ত্রী শ্রী মোদীয়ে ভাৰত-আছিয়ান সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মালয়েছিয়াৰ অবিৰত প্ৰচেষ্টাৰ শলাগ লয়।

নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰি দেশ দুখনৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে।