মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে।
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে বৃন্দাবন হাটীৰ হাটীয়াৰ ঘৰৰ পৰা ওজাপালি, গায়ন-বায়ন, নাম-কীর্তনীয়া দলে সত্ৰীয়া পৰম্পৰা অনুসৰি শোভাযাত্রা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰিব। একেদৰে পাটবাউসী থানতো এই তিথি পালন কৰা হৈছে।
গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰোভাব তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম-কীর্তন, প্রসংগ আদি অনুষ্ঠিত হৈছে। মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে সত্ৰ-নামঘৰসমূহ সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে। মাজুলীৰ ৩৩ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম, কীৰ্তনৰ অমিয়া ধ্বনিৰে আকাশ-বতাহ মুখৰ হৈ পৰিছে।
গোলাঘাটৰ ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰতো মহাপুৰুষজনৰ তিৰোভাব তিথি উপলক্ষে অগণন ভক্তৰ আগমন ঘটিছে। বৰাক উপত্যকাটো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ভক্তসকলে ধর্মীয় কার্যসূচী অনুষ্ঠিত কৰে। শ্ৰী ভূমি জিলাৰ বৰগোলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম-প্রসংগ আৰু অন্যান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰোভাব তিথি পালন কৰা হয়।
গোৱালপাৰাৰ বগুৱানৰ শ্ৰীশ্ৰী হাটী সত্ৰ আৰু শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত গুৰুজনাৰ তিৰোভাব তিথি পালন কৰা হয়। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে কীর্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকোৰ চমৰিয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাতীসত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যাত্মিক ৰীতি-নীতিৰে তিৰোভাৱ তিথি পালন কৰা হৈছে।
হাতী সত্ৰত সাদিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম-প্ৰসঙ্গ পৰিবেশন কৰিছে। কোচ বিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাব তিথি পালন কৰা হৈছে৷ হোজাই আৰু বিশ্বনাথ জিলাতো আজি মহাপুৰুষজনাৰ তিৰোভাৱ তিথি ভক্তি সহকাৰে পালন কৰা হয়৷