September 12, 2026 11:46 AM | sewa sankalpa saptah bjp

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যত ১৭ ছেপ্টেম্ৱৰৰ পৰা সেৱা সংকল্প অভিযান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান- জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে এই সময়ছোৱাত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধি বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে অহা ১৯ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব বুলি প্ৰকাশ কৰে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ১৭ ছেপ্তেম্বৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত মাহজোৰা স্বচ্ছতাই সেৱা অভিযানো ৰূপায়ণ কৰা হ’ব। ৰাজ্যত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত কালি লোকসেৱা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।

সকলো জিলা আয়ুক্ত আৰু নগৰ স্থানীয় নিকায়ৰ প্ৰতিনিধিয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰা এই বৈঠকত স্বচ্ছতাই সেৱা অভিযানৰ প্ৰস্তুতি আৰু প্ৰস্তাৱিত কাৰ্যসূচীসমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগক নিৰ্দিষ্ট দায়িত্ব অর্পণ কৰাৰ লগতে জিলা আয়ুক্তসকলক শীঘ্ৰেই কাৰ্য পৰিকল্পনা প্ৰস্তুত আৰু চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নগৰীয়া স্থানীয় নিকায় আৰু গাঁও পঞ্চায়তসমূহৰ সৈতে সমন্বয় স্থাপনেৰে এই অভিযানৰ সুচাৰু ৰূপায়ণ আৰু সময়মতে অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে এই অভিযানৰ সময়ছোৱাত পৰিচ্ছন্ন পাঠশালা আৰু যুৱ কাৰ্যসূচী, অধিক জনসমাগম হোৱা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, জন ভাগীদাৰী সজাগতা অভিযান, বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰিচ্ছন্ন পর্যটনস্থলী, চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব। বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা আৰু সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকাৰ উপৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী অতুল বৰাই ভার্চুৱেল ব্যৱস্থাৰে অংশ লয়।