জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ মোকিত চলি থকা জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি পুৱা ৯.৪৫ বজাত খেলখন আৰম্ভ হ’ব।

কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানক ১৯-০ ব্যৱধানত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰে। তিনিখন খেলত আকর্ষণীয় জয় আৰু এখন অমীমাংসিত হৈ ৰোৱা খেলত মুঠ ১০ পইণ্ট লাভ কৰি ভাৰতে অপৰাজিত হৈ থকাৰ অভিলেখসহ এলিট পুল ‘এ’ৰ শীৰ্ষ স্থান দখল কৰে।

আনখন ছেমিফাইনেলত আয়োজক দেশ চীন জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কোৱাৰ্টাৰ ফাইনেলত চীনে কাজাখাস্তানক ৪-০ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে জাপানে বাংলাদেশক ২-০ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে।