September 12, 2026 11:43 AM | Sankardev Tithi

printer

জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাৱ তিথি

নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক পৱিত্ৰ তিৰোভাৱ তিথি। প্রতি বছৰে ভাদ মাহত অনুষ্ঠিত গুৰুজনাৰ এই তিথিত তেওঁৰ আধ্যাত্মিক তথা সাংস্কৃতিক অৱদান সুঁৱৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে।

মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰৰ খনিকৰ, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সজাই-পৰাই তোৱা সত্ৰ-নামঘৰসমূহ আজি পুৱাৰে পৰা নাম-প্ৰসংগ, গীত- নৃত্য আৰু গুৰুবন্দনাৰে মুখৰিত হৈছে। উজনি মাজুলীৰ নৱ ৰতনপুৰ গাঁৱৰ আইসকলে গুৰুজনাৰ তিথি উপলক্ষে নাম পৰিৱেশন কৰিছে।

গুৰুজনাৰ তিৰোভাৱ তিথি আজি সমগ্ৰ বৰপেটাতে উলহ-মালহেৰে পালন কৰা হৈছে। ঐতিহ্য মণ্ডিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱৰূপে এই তিথি পালন কৰা হয়।

কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ তথা নামঘৰ সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি আজি প্রভাতী বন্দনাৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধর্মালোচনী সভা অনুষ্ঠিত হয়।

ধর্মালোচনী সভাত কোচবিহাৰৰ কেইবাজনো বিশিষ্ট নাগৰিক আৰু উত্তৰ বংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। বিয়লি আইসকলৰ থিয়নামৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব।