September 12, 2026 3:49 PM
53
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে বৃন্দাবন হাটীৰ হাটীয়াৰ ঘৰৰ পৰা ওজাপালি, গায়ন-বায়ন, নাম-কীর্তনীয়া দলে সত্ৰীয়া...