কাইলৈ মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব

ডুবাইত কাইলৈ হ’বলগীয়া মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। যোৱা নিশা অনুষ্ঠিত ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

ইপিনে সাতবাৰৰ চেম্পিয়ন ভাৰতে গ্রুপ পৰ্যায়ৰ তিনিখন খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ পাছত ছেমিফাইনেলত বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰে।

উল্লেখ্য যে, ২০২৪ চনৰ ফাইনেলত শ্রীলংকাই ভাৰতক পৰাস্ত কৰি নিজৰ প্ৰথমটো এছিয়া কাপ খিতাপ জয় কৰিছিল।