June 9, 2026 7:34 PM

views 33

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ ৩গৰাকীকৈ শ্রমিক আছে

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ তিনিগৰাকীকৈ শ্রমিক আছে। দুৰ্ঘটনাত নিহত আনজন লোক শ্ৰীলংকাৰ নাগৰিক। দুৰ্ঘটনাত আহত আঠজন ভাৰতীয়ৰ ভিতৰত পাঁচজনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। তিনিজন এতিয়াও চিকিৎসাধীন হৈ আছে।

December 12, 2025 12:03 PM

views 58

ডুবাইত আজিৰে পৰা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আৰম্ভ

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আজি ডুবাইত আৰম্ভ হ'ব। ডুবাইৰ আই চি চি একাডেমী গ্রাউণ্ডত আজি প্রতিযোগিতাৰ উদ্বোধনী খেলখনত আয়ুষ মহাত্রে নেতৃত্বাধীন ভাৰতে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন পুৱা চাৰে ১০ বজাত আৰম্ভ হৈছে। পৰহিলৈ ভাৰতীয় দলটো চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইবাৰ প্রতিযোগিতাত মুঠ ৮টা এছিয়ান দলক দুটাকৈ গ্ৰুপত ভাগ কৰা হৈছে। ভাৰতৰ লগতে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট পাকিস্তান আৰু মালয়েছিয়াক গ্রুপ-এত স্থান দিয়াৰ লগতে বাংলাদেশ, ...

October 1, 2025 9:17 PM

views 62

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি কৰা হয়। সন্মিলনত ৩০ খনতকৈও অধিক দেশৰ ৩ হাজাৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত সমাৱেশখনে ডুবাইৰ বহনক্ষম উন্নয়নত বিকাশ হ'ব বুলি আশা কৰা হৈছে।

April 16, 2025 12:49 PM

views 54

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰে

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰাৰ বাতৰি পোৱা গৈছে। সাম্প্রদায়িক বিবাদক লৈ সূত্রপাত হোৱা এই ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনৰ বর্তমান চিকিৎসা চলি আছে। যোৱা ১১ এপ্ৰিলত সংঘটিত হোৱা এই ঘটনাক লৈ ডুবাইত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ মাজত ভয় আৰু উত্তেজনাই বিৰাজ কৰিছে। ঘটনাত মৃত্যু হোৱা লোক দুজন তেলেংগানাৰ নিৰ্মল জিলাৰ ছোৱান মণ্ডলৰ আষ্টাপু প্রেমসাগৰ আৰু নিজামাবাদ জিলাৰ শ্ৰীনিবাস বুলি ডুবাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনাৰ পাছতে গৃহ পৰিক্ৰমা দপ্...

January 16, 2025 1:41 PM

views 66

ডুবাইত ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ মন্ত্রী বিমল বৰাৰ

■ সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি ডুবাইৰ এটা ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ চলায়। সম্ভাৱ্য বিনিয়োগকাৰীসকলক উৎসাহিত কৰিবলৈ এই ৰোড শ্ব’ত অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডুবাইৰ হিলটন হোটেলত আয়োজিত এখন বিনিয়োগকাৰীৰ বৈঠকতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমে পৰম্পৰাগত উদ্যোগৰ পৰা অত্যাধুনিক প্রযুক্তিগত সা-সুবিধালৈকে বিভিন্ন উদ্যোগ আৰু উদ্ভাৱন খণ্ডত বিনিয...