গুজৰাটৰ এক্তা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্রাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সঁহাৰি জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতা নগৰত হ’বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ’ব, যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনা প্রতিফলিত হ’ব।
ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্রবীণ অভিনেতা অনন্ত নাগক ২০২৪ চনৰ দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিব। আর্টিকল ৩৭০ ছবিখনে শ্রেষ্ঠ চলচ্চিত্র বঁটা লাভ কৰাৰ লগতে চলচিত্ৰখনত অভিনয় কৰাৰ বাবে য়ামি গৌতমে শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পাতকীজুলি মাইনাও ক্লাৱ ষ্টেডিয়ামত কালিৰে পৰা ৩৩ সংখ্যক বড়োলেণ্ড ছহিদ সোঁৱৰণি ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কালি প্ৰথমখন খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে।
বিটিচিৰ কার্যবাহী সদস্য আগস্তিক টিগা, তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। কালিৰ প্ৰথমখন খেলত তামুলপুৰ এফ চিয়ে বাক্সা একাদং দুমনি এফ চিক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰে। অহা ১১ অক্টোবৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব।