জনমূৰি কাৰ্বন নির্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কম বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ‘পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি আজি প্ৰধানমন্ত্রীয়ে কয়, যে উন্নয়নশীল দেশসমূহক সততে কার্বন নির্গমনৰ বাবে দায়ী সজোৱা হয়, যিটো প্ৰকৃততে উচিত নহয়। তেওঁ কয়, যে পেৰিছত অনুষ্ঠিত COP- 21 শীৰ্ষ সন্মিলনৰ প্ৰতিশ্ৰুতি সময়ৰ পূৰ্বে সফলভাৱে পূৰণ কৰা ভাৰতেই হৈছে G-20 ৰাষ্ট্ৰগোষ্ঠীৰ একমাত্র দেশ। বিগত ১২ বছৰত ভাৰতে পৰিৱেশ সম্পৰ্কীয় প্ৰতিটো ক্ষেত্ৰত অসাধাৰণ প্ৰগতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰতে বিশ্বৰ অন্যান্য দেশৰ সৈতে মিলি কাম কৰি আছে আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, গোলকীয় জৈৱ ইন্ধন মিত্রতা, আন্তঃৰাষ্ট্ৰীয় Big Cat মিত্ৰতা আৰু মিছন লাইফৰ দৰে পদক্ষেপৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ নতুন মান নিৰ্ধাৰণ কৰিছে। ভাৰতে বিশেষকৈ নৱীকৰণযোগ্য শক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে৷
শ্ৰী মোদীয়ে কয়, যে ভাৰতে বর্তমান নিকা পৰিবহণ আৰু সেউজ হাইড্ৰ’জেনৰ দৰে খণ্ডত ক্ষিপ্ৰতাৰে কাম কৰি আছে। বিগত ১২ বছৰত ভাৰতৰ পৱন শক্তি সামর্থ্য তিনিগুণ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে নৱ ভাৰতে পাৰমাণৱিক শক্তি উৎপাদনতো গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰকাশ কৰে।
অনুষ্ঠানত অংশ লৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, যে পৰিৱেশ সম্পৰ্কীয় ন্যায়াধীকৰণ, নিয়ন্ত্ৰণ ব্যৱস্থা আৰু আজ্ঞা মানি চলা আদি পৰিকাঠামোৰ বহু পূৰ্বেই দেশত পৃথিৱী সংৰক্ষণৰ ধাৰণা বৰ্তি আছিল। তেওঁ বনাঞ্চল, হ্রদ, নদী আৰু বন্যপ্রাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ মৌলিক কৰ্তব্যৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যে ভাৰতৰ সংবিধান কেৱল ৰাজনৈতিক নথি নহয়, বৰঞ্চ এয়া হৈছে অতীত, বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি নৈতিক প্রতিশ্রুতি।
অনুষ্ঠানত ভাষণ দি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয়, যে ভাৰতৰ পৰিৱেশ সম্পৰ্কীয় দৃষ্টিকোণ ইয়াৰ প্ৰাচীন সভ্যতাগত বিচাৰধাৰাৰ গভীৰতাৰ সৈতে নিহিত হৈ আছে। তেওঁ কয়, যে ভাৰতৰ মুঠ অনুকুল পৰিস্থিতিত বিদ্যুতৰ সৰ্বোচ্চ উৎপাদন ক্ষমতাত বৰ্তমান অজীৱাশ্ম ইন্ধনৰ উৎস ৫৪ শতাংশলৈ বৃদ্ধি পাইছে।
নৱীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতাত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে আৰু সৌৰ শক্তি বিকাশৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ বজাৰ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে উল্লেখ কৰি শ্ৰী যাদৱে কয়, যে কেৱল কিছু সংখ্যক জীৱ-জন্তুৰ সুৰক্ষাতে ভাৰতৰ প্ৰচেষ্টা সীমাৱদ্ধ হৈ থকা নাই, বৰঞ্চ ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যতা বজাই ৰখা। বাঘ, সিংহ আৰু হাতীকে ধৰি মুখ্য প্রজাতিসমূহৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে শগুণ আৰু গ্রেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ সংৰক্ষণৰ প্ৰয়াসো তীব্ৰতৰ হৈ উঠিছে বুলি পৰিৱেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে আয়োজন কৰা এই দুদিনীয়া সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা জিলা ন্যায়াধীশৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিব তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰিছে।
তদুপৰি ১৭ খন ৰাষ্ট্ৰৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্রতিনিধিয়ে অংশ লোৱা এই সন্মিলনে ন্যায়িক কার্যপন্থা, বিজ্ঞান সম্পৰ্কীয় জ্ঞান, পৰিৱেশ সংক্ৰান্তীয় প্রশাসন ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ত মত বিনিময়ৰ এখন মঞ্চ প্ৰদান কৰিব।