September 19, 2026 3:16 PM
10
জনমূৰি কাৰ্বন নির্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কমঃ প্রধানমন্ত্রী মোদী
জনমূৰি কাৰ্বন নির্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কম বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ‘পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি আজি প্ৰধানমন্ত্রীয়ে কয়, যে উন্নয়নশীল দেশসমূহক সততে কার্বন নির্গমনৰ বাবে দায়ী সজোৱা হয়, যিটো প্ৰকৃততে উচিত নহয়। তেওঁ কয়, যে পেৰিছত অনুষ্ঠিত COP- 21 শীৰ্ষ সন্মিলনৰ প্ৰতিশ্ৰুতি সময়ৰ পূৰ্বে সফলভাৱে পূৰণ কৰা ভাৰতেই হৈছে G-20 ৰাষ্ট্ৰগোষ্ঠীৰ একমাত্র দেশ। বিগত ১২ বছৰত ভাৰতে ...