ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলাস্কাত অলপতে মিলিত হোৱা সন্দৰ্ভত তেওঁক অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰতে ইউক্রেইনৰ সৈতে সংঘাট শান্তিপূর্ণভাৱে অৱসান হোৱাৰ ক্ষেত্ৰত আহ্বান জনাই আহিছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ধৰণৰ সমৰ্থন আগবঢ়াব। শ্রীমোদীয়ে কয় যে অনাগত দিনতো ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁ এই ক্ষেত্ৰত মত-বিনিময় কৰিব।
Assamese | August 18, 2025 8:38 PM | Akashvani News | Modi | PMO India | Putin
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ