July 1, 2026 2:33 PM

views 7

‘‘ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্রশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে’’-প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্ৰশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। ডিজিটেল ভাৰত পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ডিজিটেল ভাৰতে সকলোৰে জীৱনক চুই গৈছে। ইয়াৰ ভিতৰত ডিজিটেল লেনদেন ব্যৱস্থাই সকলোকে লাভৱান কৰাৰ লগতে লেনদেন প্রক্রিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। প্রধানমন্ত্ৰী মোদীয়ে কয়, যে প্রযুক্তিয়ে জীৱন-যাপনৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছে। প্রধানমন্ত্ৰীয়ে ডিজিটেল ভাৰতৰ জৰিয়তে দেশৰ সকলো অঞ...

July 1, 2026 2:24 PM

views 11

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কালি ধাৰাসাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্রস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্রীসিন্দিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ...

July 1, 2026 2:19 PM

views 5

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰচে, তিনটিকীয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ ১৩ খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে। এই নৌকা ক্লিনিকত এগৰাকী চিকিৎসা বিষয়া, এগৰাকী এ এন এম, এজন ফাৰ্মাচিষ্ট, এজন পৰীক্ষাগাৰ কৰ্মী আৰু অন্যান্য সহকাৰী স্বাস্থ্যকর্মীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে। তেওঁলোকে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰতি...

July 1, 2026 2:14 PM

views 11

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে: জুৱেল অ’ৰাম

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে প্রকাশ কৰিছে। কালি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজ পর্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদর্শ আৱাসিক বিদ্যালয় সংবিধানৰ ২৭৫(১) নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্রাম্য উৎকর...

July 1, 2026 2:05 PM

views 10

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

July 1, 2026 2:05 PM

views 11

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শর্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা-পোছা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা ৩ জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব।

July 1, 2026 12:56 PM

views 14

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন

ফুটবল খেলক প্ৰসাৰিত আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে এক গোট হৈ খেল উপভোগ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন কৰা হয়৷ অসম পর্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফেন পার্ক স্থাপন কৰা হৈছে। মুখ্যমন্ত্রী ফিফা ফেন পার্কত ফুলবল অনুৰাগীসকলে আনন্দময় পৰিৱেশত এল ই ডি স্কীনত ফিফা বিশ্বকাপ ২০২৬ৰ পোনপটীয়া খেলসমূহ উপভোগ কৰিব পাৰিব। বিশ্বৰ সৰ্ববৃহৎ প্রতিযোগিতাখনক সমূহীয়া উৎসৱ হিচাপে উদযাপন কৰিবলৈ সকলো বয়সৰ ফুটবল অনুৰাগীক একত্ৰি...

July 1, 2026 12:49 PM

views 13

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু হয়। মৃত যুৱক দুজন জেখনিয়া কিস্কু আৰু ইছাও টুডু বুলি জানিব পৰা গৈছে। এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

July 1, 2026 12:55 PM

views 12

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন প’ৰ্টেল পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন প’ৰ্টেল পুনৰ মুকলি কৰিছে। এই প'ৰ্টেলটো ৭ জুলাই পর্যন্ত মুকলি থাকিব আৰু ৯ জুলাই পর্যন্ত পঞ্জীয়নৰ মাচুল আদায় দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। ৭ জুলাইৰ পাছত কোনো ছাত্ৰ-ছাত্ৰীক নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

July 1, 2026 12:45 PM

views 18

ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৭ জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন

ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৭ জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয়, যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰ্যত অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ, সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ্য আৰু ভূমি সংৰক্ষণৰ ...