October 6, 2026 8:00 PM

views 13

ৰাছিয়া অধিকৃত ক্ৰিমিয়া উপদ্বীপ আৰু আজভ সাগৰকে ধৰি কেইবাটাও অঞ্চলত ৯০০খন ইউক্রেনৰ ড্রোণ ধ্বংস ৰাছিয়াৰ

ৰাছিয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাই যোৱা নিশা ৰাছিয়া অধিকৃত ক্ৰিমিয়া উপদ্বীপ আৰু আজভ সাগৰকে ধৰি কেইবাটাও অঞ্চলত ৯০০খন ইউক্রেনৰ ড্রোণ ধ্বংস কৰিছে। মস্কোৰ মেয়ৰ ছেৰগেই ছ'বিয়ানে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা মস্কোলৈ লক্ষ্য কৰি ৬৫০খন ড্রোণ প্ৰেৰণ কৰা হৈছিল। তাৰ ভিতৰত ১০৫খন ড্রোণ ৰাছিয়াৰ ৰাজধানীৰ সমীপত ধ্বংস কৰা হৈছিল। মেয়ৰগৰাকীয়ে লগতে কয় যে কালি দিনৰ ভাগতো ৬৮খন ড্রোণ ধবংস কৰা হৈছিল।

October 6, 2026 7:53 PM

views 4

ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগেঃ কিৰেণ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে দেশৰ নিৰ্বাচন আয়োগ তথা অন্যান্য সাংবিধানিক সংস্থাসমূহক আক্ৰমণ কৰা বিষয়ত কংগ্ৰেছ নেতাজনক সমালোচনা কৰিছে। আজি নতুন দিল্লীত সাংবাদিকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে জনতাৰ সমৰ্থন আদায় কৰিব নোৱাৰিলে সাংবিধানিক সংস্থাসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰিয়েও কংগ্ৰেছ দলে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা...

October 6, 2026 7:43 PM

views 10

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে। খেলখনত টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ২-১ ফলাফলেৰে জয় লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব ৷

October 6, 2026 6:40 PM

views 19

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে ২৩ টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ২৯ আৰু ৩০ নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে।

October 6, 2026 6:22 PM

views 20

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মৰিয়নি সমজিলা প্ৰশাসন আৰু পূৱ যোৰহাট উন্নয়ণ খণ্ডৰ উদ্যোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সেতু অভিযানৰ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান আৰু ৰাইজৰ আবেদন গ্ৰহণ কৰাৰ লগতে প্রশাসনিক সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হয়। ধেমাজী জিলাত আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰদলনি উন্নয়ণ খণ্ডত সেৱা সংকল্প অভিযানৰ শিবিৰ মুকলি কৰে। এই শিব...

October 6, 2026 6:05 PM

views 9

সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতাঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কৈছে যে সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতা। নতুন দিল্লীৰ শ্ৰীলাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰি আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য দিয়ে। তেওঁ কয়, যে প্ৰতিটো ভাৰতীয় ভাষাই মহান আৰু প্ৰতিটো ভাষাই দেশৰ বৰ্ণাঢ্য সংস্কৃতিলৈ অৱদান যোগাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যান্য ভাষাৰ লগতে সংস্কৃতি ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও উদ্যোগ লৈ আহিছে বুলি শ্ৰীৰাধাকৃষ্ণণে প্ৰকাশ কৰে। উপ-ৰাষ্ট্...

October 6, 2026 5:55 PM

views 5

ভাৰতৰ সামুদ্রিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্রিক ব্যৱস্থাৰ প্রয়োজনঃ ৰাজনাথ সিং

ভাৰতৰ সামুদ্রিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্রিক ব্যৱস্থাৰ প্রয়োজন বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। শ্রীসিঙে আজি বিশাখাপট্টনমত হিন্দুস্তান শ্বিপয়াদ লিমিটেডক নৌবহৰ সহায়ক জাহাজ-১ মুকলি কৰাৰ লগতে নৌবহৰ সহায়ক জাহাজ-৫ ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। তেওঁ লগতে আধুনিকীকৃত শিল্প ৱেভ ফোৰ্ড আৰু ৩০০ টন ওজনৰ গোলিয়াথ ক্ৰেনৰ উদ্বোধনী কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্রীসিঙে এই জাহাজ উদ্বোধন আৰু নিৰ্মাণৰ শুভাৰম্ভ কৰা কাৰ্য ভাৰতৰ সামুদ্রিক আন্তঃগাথনি...

October 6, 2026 5:53 PM

views 18

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত বিৰোধীৰ প্ৰতিবাদী সমদল

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত আজি বিৰোধী দলসমূহে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় নির্বাচন সদনলৈ প্ৰতিবাদী সমদল উলিয়ায়। অৱশ্যে নির্বাচন আয়োগৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীসকলক আকাশবাণী ভৱনৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰে। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি অন্যান্য বিৰোধী দলৰ সাংসদসকলে পার্লিয়ামেণ্ট ষ্টিটত পথৰ ওপৰতে বহি পৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

October 6, 2026 5:49 PM

views 3

বেনিন মহানগৰৰ পৰা লাগোচলৈ যাত্ৰা কৰা নাইজেৰিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩২ গৰাকী লোকৰ মৃত্যু

বেনিন মহানগৰৰ পৰা লাগোচলৈ যাত্ৰা কৰা নাইজেৰিয়াৰ এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩২ গৰাকী লোকৰ মৃত্যু হয়। ইয়াৰে ২৫ গৰাকী যাত্ৰী আৰু ৭ গৰাকী বিমানৰ কৰ্মী আছিল। ৰাষ্ট্ৰপতি বলা টিনুবুয়ে এইকথা নিশ্চিত কৰিছে আৰু তেওঁ নাইজেৰিয়ান বিমান বাহিনীক এই দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে। বিমান পৰিবহন মন্ত্রী ফেষ্টছ কেয়ামোৰ মতে দুৰ্ঘটনাৰ সময়ত এই বিমানখনে নিয়মীয়া অভিযানত যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হয়। পাছত বিমানখন নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলৰ উপকূলীয় চহৰ ইগ...

October 6, 2026 5:46 PM

views 3

কংগ্ৰেছে দেশত অৰাজকতাৰ পৰিস্থিতি সৃষ্টিৰ পৃষ্ঠপোষকতা কৰি আহিছেঃ বিজেপি

বিৰোধী দল বিশেষকৈ কংগ্ৰেছে দেশত অৰাজকতাৰ পৰিস্থিতি সৃষ্টিৰ পৃষ্ঠপোষকতা কৰি আহিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত দলৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰই কয়, যে বিৰোধী দলসমূহে দেশৰ সাংবিধানিক সংস্থাসমূহৰ বিৰুদ্ধে অপ্রীতিকৰ মন্তব্য আগবঢ়োৱাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰি আহিছে। সময়ে সময়ে বিৰোধী দলসমূহে সেনা বাহিনী, উচ্চতম ন্যায়ালয়, হিন্দুস্তান এৰোনেটিক্স লিমিটেড আৰু ই ভি এমক লক্ষ্য কৰি লৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীপাত্ৰই কয় যে বিগত কিছুদিন ধৰি বিৰোধীয়ে নির্বাচন আ...