October 6, 2026 5:42 PM

views 2

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ’পিয়ালৈ ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ'পিয়ালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে তিনিওখন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ লগতে নেতাসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত পর্যালোচনা কৰিব। এই আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, উন্নয়নমূলক সহযোগিতা, সামৰ্থ নিৰ্মাণ আৰু জনসাধাৰণৰ সম্পৰ্ককো সামৰি লোৱা হ’ব। মন্ত্ৰী ড০ জয়শংকৰে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো মত-বিনিময় কৰিব...

October 6, 2026 5:29 PM

views 11

বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত সজাগতামূলক সমদল

বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। ৭২ সংখ্যক বন্য প্রাণী সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে।

October 6, 2026 5:30 PM

views 13

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্রেক্ষাগৃহত আজি মুকলি কৰা শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত, প্রধানমন্ত্রী কিষাণ সম্মান নিধিকে ধৰি বিভিন্ন আঁচনিৰ আৰু সেৱাৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। এই শিবিৰত ফেকামাৰী উন্নয়ন খণ্ড এলেকাৰ কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। চৰকা...

October 6, 2026 5:36 PM

views 9

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধার্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধার্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। ৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে, উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্রহণ অহা ৬ নৱেম্বৰলৈ স্থগিত ৰাখিছে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দর্শাই কয়, যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰ...

October 6, 2026 4:59 PM

views 5

নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ ৫ টা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত

অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ ৫ টা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত দিনৰ এঘাৰ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৩৭.৮২ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে চলি আছে। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ...

October 5, 2026 8:10 PM

views 6

কামৰূপৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰীৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰীৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ১৭ অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অনুষ্ঠানত পি এম পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহায়িকাসকলক চেক তথা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী ...

October 5, 2026 7:54 PM

views 8

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক গ্ৰেপ্তাৰ

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ সাতগাঁৱৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৱাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কার্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই দেশবিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশ...

October 5, 2026 8:18 PM

views 7

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কার্যবাহী সদস্য আৰু এম চি এল এ সকলৰ সৈতে দোতমাৰ তুলুঙাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাতিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বি টি চি বিধানসভাত উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডো...

October 5, 2026 2:19 PM

views 11

দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত-বিনিময় কৰিব। ৰাষ্ট্ৰপতি পামেলিন শীর্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। পথ পৰিবহণ ...

October 5, 2026 2:34 PM

views 25

ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। নামৰূপৰ অসম পেট্ট’কেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিখন জাহাজত ২৭টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ ১,০৮০ টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ...