June 24, 2026 1:33 PM

views 19

অসম-অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত ভিন্ন অঞ্চলত ভূমিস্খলন

অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কৱলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম-অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত বাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে।

June 24, 2026 1:23 PM

views 20

ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ৩ গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তিনিগৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহত গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাত...

June 24, 2026 1:24 PM

views 20

ছোৱাইনফ্লু ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱলৈ চাই গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি-নিৰ্দেশনা জাৰি কৰিছে। ২০০৯ চনৰ পশুধন আইন, ১৯৬০ চনৰ জীৱ-জন্তুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধ আইন আৰু আফ্ৰিকান ছোৱাইন ফ্লু সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অনুসৰি এই নীতি- নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত যোৱা ১৯ জুনলৈ আফ্রিকান ছোৱাইন ফ্লুৰ ৯টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে।

June 24, 2026 1:11 PM

views 26

অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপ...

June 23, 2026 2:31 PM

views 18

শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান চলায়

বিধি বলৱৎকাৰী সঞ্চালকালয়ে শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত অভিযান চলায়। এই সংক্ৰান্তত ২০১৭ চনত ৰাষ্ট্ৰীয় অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিতেই বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই অভিযান চলাইছে। এই গোচৰ সংক্ৰান্তত আৰক্ষীয়ে ২০২১ চনত চার্জশ্বিট দাখিল কৰিছিল।

June 23, 2026 2:24 PM

views 11

EL NINO ৰ প্ৰভাৱত হ’ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত বতৰ আৰু কৃষিক্ষেত্ৰত EL NINOৰ প্রভাৱ সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত কেইবাখনো ৰাজ্যৰ কৃষিমন্ত্ৰী, সচিব, জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত কম বৃষ্টিপাত, বিকল্প কৃষি আৰু কৃষকৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ অৰ্থে গ্ৰহণ কৰা প্ৰয়োজনীয় প্রস্তুতি সন্দৰ্ভত আলোকপাত কৰা হয়৷ সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্রী শ্রী চৌহানে কয়, যে EL NINO ৰ প্ৰভাৱত হ'ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কস...

June 23, 2026 2:25 PM

views 15

কংগো গণতান্ত্রিক গণৰাজ্যত ইব’লা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰম কৰিছে

কংগো গণতান্ত্রিক গণৰাজ্যত ইব’লা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰম কৰিছে। দেশখনৰ স্বাস্থ্য কৰ্তৃপক্ষই ইব’লা ভাইৰাছত আক্ৰান্ত হৈ ২৬৭ গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। দেশখনত মুঠ ৩৭১ গৰাকী ৰোগীক আছুতীয়াকৈ অথবা চিকিৎসালয়ত ৰখা হৈছে। আনহাতে ১১২ গৰাকী লোক সুস্থ হৈ উঠিছে। পৰহিৰ দিনটোত দেশখনত ইব’লাত আক্ৰান্ত ২০২ গৰাকীক চিনাক্ত কৰা হয় আৰু একেদিনাই এই ভাইৰাছজনিত ৰোগত ৬০ গৰাকী লোকৰ মৃত্যু হয়। দেশখনত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ থকাৰ কথাই এই ভাইৰাছৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি হৈ থকাৰ ই...

June 23, 2026 2:25 PM

views 14

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্য মন্ত্ৰী তথা মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানে কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। Gষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰী কুৰিয়ানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

June 23, 2026 2:17 PM

views 12

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ ষোড়শ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে কয় যে এই বুজাবুজিয়ে সমগ্ৰ বিশ্বৰ শক্তি সুৰক্ষাক শক্তিশালী কৰি তুলিব। তেওঁ লগতে হৰমুজ প্রণালী পুনৰ মুকলি হোৱাৰ ব্যৱস্থাকো আদৰণি জনায় আৰু কয় যে এই প্ৰণালী মুকলি হ'লে যোগান শৃংখলাত চলি থকা বাধা আঁতৰিব। ইয়াৰ লগতে বিশ্বজুৰি হোৱা সাৰ আৰু ৰাসায়নিকৰ দৰে সামগ্ৰীৰ নাটনিও আঁতৰিব বুলি শ্রীদোভালে মন্ত...

June 23, 2026 2:12 PM

views 10

ৱাশ্বিংটনত ইজৰাইল-লেবাননৰ মাজৰ আলোচনাত আমেৰিকা যুক্তৰাষ্ট্ৰই আঁত ধৰিব

আমেৰিকা যুক্তৰাষ্ট্ৰই ৱাশ্বিংটনত চলা ইজৰাইল আৰু লেবাননৰ মাজৰ আলোচনাত আঁত ধৰিব। এই আলোচনাৰ জৰিয়তে যুদ্ধবিৰতিক দীৰ্ঘম্যাদী কৰাৰ লক্ষ্য লোৱাৰ লগতে দুয়োখন দেশৰ মাজত শান্তি-সুৰক্ষা বৰ্তাই ৰখাৰ উপায় উলিয়াবলৈ যত্ন কৰা হ'ব। আমেৰিকাৰ গৃহ বিভাগে প্ৰকাশ কৰা অনুসৰি দেশখনৰ গৃহ বিভাগৰ কাউন্সেলৰ ডান হ'লাৰ আৰু আন্তৰ্জাতিক সুৰক্ষা পৰিক্ৰমা বিভাগৰ অতিৰিক্ত প্ৰতিৰক্ষা সচিব ডান জিম্মাৰমেনে এই আলোচনাত নেতৃত্ব দিব। এখন যৌথ সামৰিক ৰাজনৈতিক অধিবেশনৰ জৰিয়তে এই বৈঠকৰ আৰম্ভণি কৰা হ'ব। ইয়াৰ পাছতে এখন সামৰিক বৈঠক অনুষ...