অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ ৫ টা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত দিনৰ এঘাৰ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৩৭.৮২ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে।
সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে চলি আছে। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে।
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬ নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোট দিয়ে।
পশ্চিমবংগৰ ৰেজীনগৰ আৰু নন্দীগ্রাম বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ চলি আছে। দিনৰ এঘাৰ বজালৈকে ৰেজিনগৰত ৩৮ দশমিক ৭–১ আৰু নন্দীগ্ৰামত ৪৩ দশমিক ৯-৫ শতাংশ ভোটদান হৈছে। তামিলনাডুৰ দুটা সমষ্টি মাদুৰানটাকামত দিনৰ এঘাৰ বজালৈ ৩৫ দশমিক ৫-৫ আৰু ধাৰাপুৰমত ৩৭ দশমিক ২-৮ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। পুডুচেৰীত থাট্টানচাবেদিত দিনৰ ১১ বজালৈ ৩৯.১৬ শতাংশ ভোটদান হোৱা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। আটাইকেইটা সমষ্টিতে নিয়াৰিক ভোটদান চলি আছে। অহা ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ’ব।