October 6, 2026 4:59 PM
3
নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ ৫ টা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত
অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ ৫ টা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত দিনৰ এঘাৰ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৩৭.৮২ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে চলি আছে। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ...