প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্রী মোদীয়ে কয়, যে তেওঁ আজি পুৱা শ্ৰী বিনায়ক মন্দিৰ দৰ্শন কৰি দেশ তথা ১৪০ কোটি নাগৰিকৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে অতি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্রধানমন্ত্রীয়ে কয়, যে বিগত ২৫ বছৰত লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে বৃহৎ সম্পত্তি।
শ্ৰী মোদীয়ে দেশৰ বাবে বৃহৎ লক্ষ্য নিৰ্ধাৰণৰ এয়াই সময় বুলি উল্লেখ কৰে। জনসাধাৰণৰ এই অবিচল বিশ্বাস আৰু সমৰ্থন তেওঁৰ সমগ্ৰ ৰাজনৈতিক যাত্ৰাৰ বৈশিষ্ট বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰৰ নীতিয়ে জনসাধাৰণৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছে।
শ্ৰী মোদীয়ে কয়, যে বিগত ১২ বছৰত দেশৰ পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে। পূর্বে আমদানি বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱাৰ বিপৰীতে বর্তমান ভাৰতে নতুন ৰপ্তানি অভিলেখ গঢ়িছে। তেওঁ কয়, যে ভাৰতে পূৰ্বে নিজৰ প্ৰয়োজনৰ বাবে ম’বাইল ফোন আমদানি কৰিছিল। কিন্তু বর্তমান ভাৰতত নির্মিত ম’বাইল ফোনে গোলকীয় বজাৰত শক্তিশালী স্থিতি লাভ কৰিছে। শ্ৰী মোদীয়ে কৃষিক ভাৰতৰ ৰূপান্তৰৰ আন এটা উল্লেখনীয় উদাহৰণ বুলি প্ৰকাশ কৰি কয়, যে স্বাধীনতাৰ পাছত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২০১৫ৰ পৰা ২০২৫ৰ দশকত দেশ সৰ্বাধিক কৃষিজাত বিকাশৰ সাক্ষী হৈছে। স্পষ্ট অভিপ্ৰায় আৰু সুপৰিকল্পিত নীতিৰ জৰিয়তে এনেধৰণৰ পৰিৱৰ্তন সম্ভৱ বুলি তেওঁ উল্লেখ কৰে।
প্রধানমন্ত্রীগবাকীয়ে কয়, যে ২০০১ চনৰ ৭ অক্টোবৰত গুজবাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণৰ সময়ত তেওঁ কেতিয়াও এনেধৰণৰ মাইলৈ খুঁচিত উপনীত হোৱাৰ কল্পনা কবা নাছিল। তেওঁ উল্লেখ কৰে যে চবকাৰৰ মুখবী হিচাপে নিযুক্ত সোৱা আগবেছোৱাৰ আজি ২৫ বছৰ সম্পূৰ্ণ হ’ল। প্রধানমন্ত্ৰী মোদীয়ে গণতন্ত্ৰৰ ওপৰত অপৰিসীম বিশ্বাস বখা দেশৰ জনসাধাৰণ, দল তথা সকলো বাজনৈতিক সহযোগীটলে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
অনুষ্ঠানত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱক তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য কবি লৈছে আৰু বাজনৈতিক দেশসেৱা হিচাপে মানি আহিছে। তেওঁ প্রধানমন্ত্ৰীক ২৫ বছৰীয়া বিৰামহীন দেশসেৱাৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰীয় সভাপতিগবাকীয়ে কয়, যে শ্ৰী মোদীয়ে দৰিদ্র, যুব, কৃষক আৰু মহিলাক মুখ্য কবি চবকাৰী আঁচনিসমূহ গঠন আৰু কাপায়ণ কৰিছে। বিগত ২৫ বছৰত তেওঁ ১৪০ কোটি ভাৰতীয়ৰ জীৱনলৈ উন্নয়ন, বিশ্বাস আৰু আত্মসন্মান আনাব বাবে নিযুক্ত কাম কবি আছে বুলি শ্ৰী নবীনে উল্লেখ কৰে। বিজেপিৰ সভাপতিগবাকীয়ে লগতে কয়, যে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও প্রধানমন্ত্ৰী মোদীয়ে সমাজৰ দৰিদ্র আৰু প্ৰান্তীয় লোকসকলৰ কল্যাণৰ বাবে কাম কবি আছে। শ্ৰী নবীনে মহিলা সরলীকৰণৰ ক্ষেত্ৰত চবকাৰৰ পদক্ষেপসমূহৰ বিশেষকৈ শৌচাগাৰ নিৰ্মাণ আৰু উচ্চল আঁচনিৰ প্রশংসা কবি কয়, যে এনেধৰণৰ ব্যৱস্থাই মহিলাৰ নিৰাপত্তা, মৰ্যাদা আৰু আত্মসন্মান বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চবকাৰৰ মুখবী হিচাপে ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকাশিত ভাৰত সংকল্প সভাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ নেতা-কর্মীসকলে ভাৰ্ট্ৰেল ব্যৱস্থাবে অংশ লয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়কক গুৱাহাটীৰ পৰা ভাৰ্ট্ৰেল ব্যৱস্থাবে বিকাশিত ভাৰত সংকল্প সভাত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত বিগত ২৫ বছৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসনৰ বিষয়ে উল্লেখ কৰে।