June 23, 2026 1:58 PM

views 12

ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে

ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়সকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ ১০ শতাংশ ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক উচিত অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা ...

June 23, 2026 1:54 PM

views 15

আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ-বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু-সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগ...

June 23, 2026 2:10 PM

views 20

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানিত উপস্থিত আছে। আনহাতে, অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰো আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি হ'ব। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কোনো শুন...

June 23, 2026 1:39 PM

views 13

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ ভাং জব্দ

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। দুলীয়াজান আৰক্ষীয়ে চলোৱা এই অভিযানত ৰে’ল গেটৰ সমীপৰ ইন্দ্ৰপুৰী গাঁৱৰ জান বৰুৱা নামৰ এজন লোকক আটক কৰাৰ লগতে লোকজনৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

June 23, 2026 12:41 PM

views 24

আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবচাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মার্কশ্বিট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পার্টমেণ্টেল পৰীক্ষাত ৬৪ হাজাৰ ৫০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

June 23, 2026 12:24 PM

views 9

দক্ষিণ শালমাৰা মানকাচৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহ্বান

দক্ষিণ শালমাৰা মানকাচৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহ্বান জনাইছে। বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা শাখাত আবেদন কৰিবলৈ সমাগম হোৱা পৰিলক্ষিত হৈছে। নতুন ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিৰ্দেশনা বৰ্তমানলৈ জাৰি কৰা নাই বুলি বিভাগৰ তৰফৰ পৰা জনসাধাৰণক স্পষ্ট কৰি দিয়া হৈছে যদিও বহুলোকে কাৰ্যালয়...

June 23, 2026 12:10 PM

views 17

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ড০ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰছাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ ১৬টা দলৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন হোৱা পৰিলক্ষিত হৈছে। কাংকন চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা ১২ জুলাইত অন্ত পৰিব।

June 15, 2026 2:23 PM

views 14

ফ্ৰান্সৰ এভিয়ানত আজিৰেপৰা হ’বলগীয়া ৫২ সংখ্যক G-7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

ফ্ৰান্সৰ এভিয়ানত আজিৰেপৰা হ'বলগীয়া ৫২ সংখ্যক G-7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমেৰিকা আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চুক্তি সম্পন্ন কৰাৰ লগতে হৰমুজ প্রণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। G7-ৰ সদস্য ৰাষ্ট্ৰসমূহে এই সিদ্ধান্তক আদৰণি জনাইছে। এটা উমৈহতীয়া বিবৃতিত ফ্রান্স, ব্রিটেইন, জার্মানী আৰু ইটালীৰ নেতাসকলে কয়, যে চৰ্তহীন আৰু কঠোৰ নীতি-নিৰ্দেশনা অবিহনে হৰমুজ প্রণালী শীঘ্ৰে মুকলি কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। উ...

June 15, 2026 2:08 PM

views 16

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত বেছিমাৰীত চলোৱা অভিযানত ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক কৰায়ত্ত কৰে। এই দুয়োজন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু ওমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে।

June 15, 2026 1:43 PM

views 19

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সষ্টাৰ ক্লাব, গহপুৰ আৰ কে ভি চি, উদ্দীপ্ত চ’ৰা, অৰুণাচল প্ৰদেশৰ টাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্রহণ কৰে৷