June 15, 2026 1:26 PM

views 22

লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২’ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা, স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে খ্যাত লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২’ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক এখন গ্ৰন্থ কালি উন্মোচন কৰা হয়। যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপজ্যোতি ৰাজখোৱাই গ্ৰন্থখন উন্মোচন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাংসদ কামাখ্যা প্রসাদ তাছা, সাহিত্যিক ড০ চেনিৰাম দত্ত, মুক্তিযুঁজাৰু সন্...

June 15, 2026 1:22 PM

views 15

ডিব্ৰুগড় আৰক্ষীয়ে মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰিছে

ডিব্ৰুগড় আৰক্ষীয়ে কালি টাউন ৰে'ল ষ্টেচনৰ বিপৰীত দিশে থকা এটা আবাসিক এলেকাত অভিযান চলাই মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰে৷ আৰক্ষীয়ে অভিযানৰ সময়ত মাদকদ্ৰব্য সৰবৰাহৰ সন্দেহত কেইবাজনো লোকক জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। জিলাখনত চলি থকা মাদকদ্ৰব্যৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে জিলা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে।

June 15, 2026 1:13 PM

views 27

আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিবঃ মুখ্যমন্ত্ৰী

অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয়, যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহো অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দি...

June 15, 2026 12:15 PM

views 12

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি ওপজা দিন

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি ওপজা দিন। ভালেসংখ্যক গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা লক্ষ্মীনন্দন বৰাই ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা বৰাক ২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। তেওঁৰ উপন্যাস গঙা চিলনীৰ পাখিৰ আধাৰত পদুম বৰুৱাই একেনামৰ অসমীয়া চিনেমা নির্মাণ কৰিছিল। ২০২১ চনত মৃত্যু হোৱা এই গৰাকী বৰেণ্য সাহিত্যিকে অসম উপত্যকা সাহিত্য বঁটা, সৰস্বতী স...

June 15, 2026 1:31 PM

views 16

বতৰৰ বতৰা-

♦ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনিৰে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

June 12, 2026 8:17 PM

views 19

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস। শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্রমিক নির্মূল কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তর্জাতিক শ্রমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ বাণী হৈছে - শিশু শ্ৰমিকৰ বাবে ৰঙা কার্ড : শিশুৰ বাবে ন্যায্য খেলা, প্রাপ্তবয়স্কৰ বাবে মান্য কাম। শিৱসাগৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি জিলা পৰিষদৰ কাৰ্যালয়ত বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ু...

June 12, 2026 8:01 PM

views 15

ধেমাজি জিলাত বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। [video width="848" height="478" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Dhemaji-Chils-Labour-Day.mp4"][/video] দিৱস উপলক্ষে ধেমাজি মটৰ শ্রমিক ই-ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কার্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰ...

June 12, 2026 7:48 PM

views 25

ৰাজ্যৰ শ্ৰম বিভাগৰ অভিযান গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ

শিশু শ্রমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে ছয়মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত ৩ গৰাকী কিশোৰীসহ এটি শিশু শ্রমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন ৩ টি কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্রম বিভাগে শিশু কল্যান সমিতিক চমজাই দিয়ে। আনহাতে, শিশুক শ্রমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্রম বিভাগৰ বিষ...

June 12, 2026 7:49 PM

views 15

অভিভাৱক মন্ত্ৰী দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহলৰ ধুবুৰী জিলা পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত মেঘা নিধি দাহালে এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী জিলাখন বানপানীত প্ৰতি বছৰে ক্ষতিগ্রস্ত হয় ব...

June 12, 2026 7:24 PM

views 20

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস। শিশুসকলক শ্রমিক হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাই ২০০২ চনৰ পৰা এই দিৱসৰ ঘোষণা কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। অসমতো বিভিন্ন ঠাইত আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়৷