ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ ভাং জব্দ

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

দুলীয়াজান আৰক্ষীয়ে চলোৱা এই অভিযানত ৰে’ল গেটৰ সমীপৰ ইন্দ্ৰপুৰী গাঁৱৰ জান বৰুৱা নামৰ এজন লোকক আটক কৰাৰ লগতে লোকজনৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে।

অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।