দক্ষিণ শালমাৰা মানকাচৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহ্বান জনাইছে।
বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা শাখাত আবেদন কৰিবলৈ সমাগম হোৱা পৰিলক্ষিত হৈছে।
নতুন ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিৰ্দেশনা বৰ্তমানলৈ জাৰি কৰা নাই বুলি বিভাগৰ তৰফৰ পৰা জনসাধাৰণক স্পষ্ট কৰি দিয়া হৈছে যদিও বহুলোকে কাৰ্যালয়ৰ সন্মুখত অযথা ভিৰ কৰি দৈনন্দিন বিভাগীয় কাম-কাজ পৰিচালনাত বাধাৰ সৃষ্টি কৰিছে।
অৱশ্যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে নিজৰ নাম স্থানান্তৰ বা সংশোধনৰ দৰে কামসমূহৰ বাবে আবেদন দাখিল কৰিব পাৰিব।