ফ্ৰান্সৰ এভিয়ানত আজিৰেপৰা হ’বলগীয়া ৫২ সংখ্যক G-7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমেৰিকা আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চুক্তি সম্পন্ন কৰাৰ লগতে হৰমুজ প্রণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। G7-ৰ সদস্য ৰাষ্ট্ৰসমূহে এই সিদ্ধান্তক আদৰণি জনাইছে।
এটা উমৈহতীয়া বিবৃতিত ফ্রান্স, ব্রিটেইন, জার্মানী আৰু ইটালীৰ নেতাসকলে কয়, যে চৰ্তহীন আৰু কঠোৰ নীতি-নিৰ্দেশনা অবিহনে হৰমুজ প্রণালী শীঘ্ৰে মুকলি কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।
উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G-7 সদস্য ৰাষ্ট্র কানাডা, ফ্রান্স, জার্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্রহণ কৰিব।
এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্রাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্রেইন আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক আউটৰিচ অংশীদাৰ দেশ হিচাপে আমন্ত্রণ জনাইছে। ভাৰতে G-7 সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ ত্রয়োদশ বাৰৰ বাবে অংশগ্ৰহণ কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল’ব।G-7 সন্মিলনত প্রধানমন্ত্রী মোদীৰ অংশগ্রহণে গোলকীয় ভূ-ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে।
অর্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G-7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।