খেল

June 19, 2026 12:22 PM

views 34

মহিলাৰ এফ আই এইছ নেছনছ কাপ হকী প্রতিযোগিতাত উৰুগুৱেৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতে কালি নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ এফ আই এইছ নেছনছ কাপ হকী প্রতিযোগিতাৰ পুল-এৰ এখন খেলত উৰুগুৱেক ৩-২ গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ হৈ দীপিকাই দুটা গ'ল আৰু দীপিকা ছোৰেঙে এটা গ'ল দিয়ে। উৰুগুৱেৰ হৈ ছিয়াৰা এম্পেনিন আৰু মেনুবেলা বিলাৰে একোটাকৈ গ'ল দ...

June 18, 2026 8:15 PM

views 28

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি চেকিয়া বনাম দক্ষিণ আফ্ৰিকা

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামত হ'বলগীয়া গ্রুপ-এৰ এখন খেলত চেকিয়া, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত আৰম্ভ হ'ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ২-১ গ'লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইন্ট জয়ৰ বাবে আপ্র...

June 16, 2026 1:27 PM

views 38

ফিফা বিশ্বকাপ ফুটবলত আজি ফ্রান্স-ছেনেগাল আৰু ইৰাক-নৰৱেৰ মেচ

চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলেই ড্র ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্রুপ-এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে চৌডি আৰবৰ লগত ১-১ গ'লত ডু খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্র কেপভার্ডেই কালি স্পেইনৰ সৈতে গ্রুপ এইছৰ এখন খেল...

June 15, 2026 2:08 PM

views 34

বিশ্বকাপ ফুটবল প্রতিযোগিতাত গ্রুপ-এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত অনুষ্ঠিত গ্রুপ-ইৰ এখন খেলত আইভী ক’ষ্টে ইকুৱেডৰক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ-ইৰ এখন খেলত জার্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে...

June 15, 2026 1:43 PM

views 32

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সষ্টাৰ ক্লাব, গহপুৰ আৰ কে ভি চি, উদ্দীপ্ত চ’ৰা, অৰুণাচল প্ৰদেশৰ টাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্রহণ কৰে৷

June 15, 2026 12:00 PM

views 28

আই চি চি মহিলা টি-২০ বিশ্বকাপত পাকিস্তানক ৬৪ ৰানত পৰাস্ত ভাৰতৰ

♦ আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে যোৱা নিশা বার্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰে। পাকিস্তানে ১৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰিবলৈ সমর্থ হয়। দিপ্তী শর্মাই ৫টা উইকেট দখল কৰে। ইয়াৰ প...

June 15, 2026 11:59 AM

views 29

বিশ্বকাপ ফুটবলৰ চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে

বিশ্বকাপ ফুটবলৰ কালি চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন ২-২ গ’লত ড্র’ হয়। প্রতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত অনুষ্ঠিত গ্রুপ-ইৰ এখন খ...

June 14, 2026 8:29 PM

views 26

আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নির্ণয়কাৰী প্রতিযোগিতাৰ ৰিকাৰ্ভমিক্সড শাখাত ভাৰতৰ ধীৰাজ বোম্মাদেৱাড়া আৰু কুমকুম মহ’ডে সোণৰ পদক লাভ

তুর্কীৰ এণ্টালিয়াত চলি থকা আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নির্ণয়কাৰী প্রতিযোগিতাৰ ৰিকাৰ্ভমিক্সড শাখাত আজি ভাৰতৰ ধীৰাজ বোম্মাদেৱাড়া আৰু কুমকুম মহ'ডে সোণৰ পদক লাভ কৰে। প্রতিযোগিতাৰ চূড়ান্ত খেলত ভাৰতীয় যুটীটোৱে দক্ষিণ কোৰিয়াৰ অহ ইয়ে জিন আৰু কিম জে ডেকক ৫-১ ব্যৱধানত পৰাস্ত কৰে। মিক্সড টীম শাখাত এয়া হৈছে...

June 14, 2026 12:05 PM

views 26

আইচিচি মহিলা টি-২০ ক্রিকেট বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ন হ’ব

আইচিচি মহিলা টি-২০ ক্রিকেট বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বার্মিংহামৰ এজবেষ্টনত হবলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া ১৬খন খেলৰ ভিতৰ...

June 14, 2026 12:03 PM

views 27

অসম কন্যা ঈষাৰাণী বৰুৱাৰ এচিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ

অসমৰ ঈষাৰাণী বৰুৱাই এচিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভকৰিবলৈ সমৰ্থ হৈছে। প্রতিভাবান খেলুৱৈগৰাকীয়ে ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত হ'বলগীয়া প্রতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু সাত্বিকসাইৰাজ ৰনকীৰেড্ডী আ...