ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কমনৱেলথ গেমছত মহিলাৰ ৫৮ কিলোগ্রাম ভাৰোত্তোলন প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলনকাৰী বিন্দিয়াৰাণী দেৱীক অভিনন্দন জনাইছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি, স্থিতিস্থাপকতা, আৰু উৎকৃষ্টতাৰ অটল সাধনাই জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ কৃতিত্বই সমগ্ৰ দেশৰ যুৱ ক্রীড়াবিদসকলক অনুপ্রাণিত কৰে বুলি শ্রীমতী মুর্মুৱে উল্লেখ কৰে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও ভাৰোত্তোলনকাৰীগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি, স্থিতিস্থাপকতা, আৰু উৎকৃষ্টতাৰ অটল সাধনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতলৈ আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে।
মহিলাৰ ৫৩ কেজি ভাৰোত্তোলন ইভেন্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে জ্ঞানেশ্বৰী যাদৱক অভিনন্দন জনাইছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে খেলুৱৈগৰাকীৰ প্ৰদর্শনক প্ৰেৰণাদায়ক আৰু অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ বুলি অভিহিত কৰিছে।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মাণ্ডবিয়াই কমনৱেলথ গেমছ ২০২৬ত মহিলা শ্বট পুট এফ ৫৭ত স্বর্ণ পদক জয় কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে শর্মিলা ধনকাৰক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ অদম্য মনোভাৱে সমগ্র জাতিটোক বিশ্ব মঞ্চত গৌৰৱান্বিত কৰি তুলিছে।